Lumding: লামডিঙত উন্নয়নৰ পৰা বঞ্চিত বহু অঞ্চলঃ বিধায়ক শিবু মিশ্ৰয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ, ক্ষোভিত ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সভা (Lumding) সমিতিত উন্নতি আৰু বিকাশৰ ঢাক ঢোল বজাই থকাৰ সময়ত ৰেল চহৰ লামডিংত এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈ্ছে।দক্ষিণ লামডিঙ পঞ্চায়তৰ অন্তৰ্গত ১০ নং ওৱাৰ্ডৰ ১ নং জৰংদিছাৰ একাংশ মহিলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পৰিলক্ষিত হ্য়।ওৱাৰ্ড খনত চৰকাৰৰ কোন আচনি এতিয়ালৈকে ঢুকি নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ গাঁওৰ ৰাইজে।অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ।নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমষ্টিটোৰ বিধায়ক শিবু মিশ্ৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি ৰাজ পথলৈ ওলাই আহিছে একাংশ মহিলাই।

উন্নয়নৰ পৰা বঞ্চিত লামডিঙৰ একাংশ অঞ্চল।দক্ষিণ লামডিঙ পঞ্চায়তৰ ১০ নং ওয়াৰ্ড স্থিত ১ নং জৰংদিছাৰ একাংশ ৰাইজে বিধায়ক শিবু মিশ্ৰৰ বিৰুদ্ধে ক্ষোভ।চৰকাৰি আচনিৰ পৰা বঞ্চিত জৰংদিছাৰ একাংশ ৰাইজে।অঞ্চলটোত নাই পানীৰ ব্যৱস্থা নাই বাট পথ নাই অৰুনোদয় আচনি নাই প্ৰধানমন্ত্ৰী আবাস গৃহ।বিধায়ক শিবু মিশ্ৰৰ বিৰুদ্ধে একাংশ ৰাইজৰ ক্ষোভ।বিধায়ক গৰাকীয়ে বিভিন্ন প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ একাংশ ৰাইজৰ।জৰংদিশাৰ এটা অঞ্চলৰ পথৰ জৰাজীৰ্ণ অৱস্থা।অকনমান বৰষুণ হলেই অঞ্চলটোৰ ৰাইজে বাট পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ছাত্র-ছাত্ৰীৰ লগতে জৰুৰীকালীন অৱস্থাত বছৰ বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।অহা বিধানসভা নিৰ্বাচনত ভোট বয়কটৰ হুংকাৰ প্ৰদান কৰে একাংশ ৰাইজে।শীঘ্ৰেই তেওঁলোকৰ এই দাবী সমূহ পূৰণ কৰাৰ হুংকাৰ প্ৰদান কৰে।নহলে নিৰ্বাচনৰ পূৰ্বে ভোট বিছাৰি আহিলে লাঠি লৈ খেদি পঠিয়াৱ হ’ব বুলি কেমেৰাৰ আগত মন্তব্য প্ৰদান কৰে।

Related Articles