Lumding-Silchar Railway: অচিৰেই চলাচল আৰম্ভ হ’ব লামডিং-শিলচৰ ৰে’লপথ

ডিজিটেল ডেস্কঃ Lumding-Silchar Railway নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি তুলিছিল। এই সংকটজনক পৰিস্থিতিত ৰে’ল বিভাগে যুদ্ধগতিৰে ৰে’লপথ মুকলিৰ বাবে কাম আৰম্ভ কৰিছে।

ডিমাহাচাও জিলাৰ জাতিংগা লুম্পো অঞ্চলত হোৱা ভূমিস্খলনৰ স্থানত লামডিং মণ্ডলৰ প্ৰৱন্ধক সমীৰ লোহানি প্ৰথমৰ পৰাই তৎপৰ হৈ আছিল। বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ। তেওঁ ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লোৱাৰ পাছত প্ৰকাশ কৰে যে, যদি প্ৰকৃতিৰ পৰা পুনৰ কোনো বাধা নাহে, তেন্তে দেওবাৰৰ ভিতৰত ৰে’লপথ মুকলি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

এই মুকলি কাৰ্যত ৰে’লৱে আৰু অন্যান্য সংস্থাৰ প্ৰায় ২০০ গৰাকী শ্ৰমিকে দিন-ৰাতি একেবাৰে যুদ্ধসদৃশ ভাৱে কাম কৰি আছে। মহাপ্ৰৱন্ধক শ্ৰীবাস্তৱ আৰু তেওঁৰ সৈতে থকা উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ ৰে’লপথ যত সোনকালে সম্ভৱ পুনৰ চলাচল কৰিবলৈ সমন্বিত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ৰে’ল বিভাগৰ এই সক্ৰিয় পদক্ষেপই অচিৰেই পুনৰ লামডিং-শিলচৰ ৰে’ল সংযোগ পুনঃস্থাপনৰ আশা যোগাইছে।

Related Articles