অৰুণাচল প্ৰদেশৰ প্ৰথিতযশা সাহিত্যিক(Lummer Dai)সাংবাদিক লুম্বেৰ দাইৰ ৮৫ সংখ্যক জন্ম জয়ন্তী অসম সাহিত্য সভাৰ উদ্যোগত দেওবাৰে পাছিঘাটত উদযাপন কৰা হয়। পাছিঘাট শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত লুম্মেৰ দাইৰ জন্ম জয়ন্তী অনুষ্ঠান উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে পাছিঘাটৰ গান্ধী তিনিআলিত লুম্বেৰ দাইৰ আবক্ষ মূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।
অসম সাহিত্য সভাই বিগত ২০০৯ বৰ্ষৰ পৰা আগবঢ়াই আহিছে অসমীয়া সাহিত্য জগত ভঁৰাল চহকী কৰা অৰুনাচলৰ প্ৰথিতযশা সাহিত্যিক লুম্মেৰ দাই জন্মদিনৰ লগত সংগতি ৰাখি সাহিত্য সূৰ্য্য বটাঁ প্ৰদানৰ কাৰ্যসূচী অনুসৰি দেওবাৰে প্ৰতিকূল বতৰকো নেওচি পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত অনুষ্ঠিত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত এইবাৰৰ বটাঁ প্ৰাপক মামং দাইয়ে নিজকে যথেষ্ট সুখী বুলি কোৱাৰ লগতে আগন্তুক দিনত সাহিত্য চৰ্চা কৰি যোৱাৰ কথা সদৰী কৰে ৷ ইফালে অসম সাহিত্য সভাৰ এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসম অৰুনাচল প্ৰদেশৰ মাজত এক শৈল ৰেখা নিৰ্মাণ কৰাৰ আশা প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে ৷ অনুষ্ঠানত বিহু , আদি , মিচিং , বড়ো, নেপালী আদিকে ধৰি কেইবাটাও জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা এই অনুষ্ঠানত অৰুণাচলৰ মন্ত্ৰী অজিং তাচিং, প্ৰাক্তন বিধায়ক কলিং ময়ং, বিধায়ক পুণ্য আপুম, প্ৰাক্তন মন্ত্ৰী তবাৰ জামহ, উপায়ুক্ত টায়ি টাগু, আৰক্ষী অধীক্ষক পংকজ লাম্বা, অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা, লুম্মেৰ দাই গৱেষণা কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি অপূৰ্ব ফুকন, সম্পাদক ভৰত ৰাজখোৱা, আহ্বায়ক বিনোদ গগৈ, পাছিঘাট শাখা সাহিত্য সভাৰ সভাপতি কালিঙ বৰাঙ, সম্পাদক গিৰিন তামুলী, উদযাপন সমিতিৰ সভাপতি অবাং দাই, উপ সভাপতি তাদুৰাম দাৰাং, লেখক আৰাক মেগু, গিন্দু বৰাঙ, অবাং তায়েং, বাটেম পাৰ্টিন, তাৰাক মিজে, ইলো লিবাং, অজিত শইকীয়া, অৰুণাচল প্ৰদেশ লিতাৰেৰী চচাইটিৰ সভাপতি পনোং এৰিংকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।।

