কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰিল বিলাসী বাহন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিঙিয়াত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰ বেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে। উল্লেখ্য যে যোৰহাট টিয়কৰ পৰা এম এল ০৫ আৰ ৬৬৪৮ নম্বৰ হোণ্ডাই আই ২০ বাহনখনেৰে ৰাতুল মিলিৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটো কৰ্মসূত্ৰে শ্বিলংঙলৈ  গৈ থাকাা অবস্থাত কমাৰগাঁৱৰ পানীদিঙিয়াত  নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত গাড়ীখন বাগৰি পৰে । দুৰ্ঘটনাটোত চালক সহ আৰোহী কেইজন   আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে যদিও বাহনখন ভাঙি চুৰমাৰ হয়।পাছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ উদ্ধাৰ কৰে৷

Related Articles