Breaking

গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ ২০২৩ বৰ্ষৰ জ্ঞানপীঠ বঁটা…

0 31

গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ জ্ঞানপীঠ বঁটা৷ ভাৰতীয় সংগীতৰ জগতত গুলজাৰ এক সৰ্বজন বিদিত নাম৷ গুলজাৰলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সন্মানীয় জ্ঞানপীঠ বঁটা৷ উৰ্দু ভাষাৰ প্ৰখ্যাত কবি তথা গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ৫৮সংখ্যক জ্ঞানপীঠ বঁটাপ্ৰাপক হিচাপে মনোনীত কৰা হৈছে বুলি জ্ঞানপীঠ বাছনি সমিতিয়ে শনিবাৰে ঘোষণা কৰে। গুলজাৰ হিন্দী চিনেমাত তেওঁৰ কালজয়ী গীতসমূহৰ বাবে সুপৰিচিত আৰু এই যুগৰ অন্যতম শ্ৰেষ্ঠ উৰ্দু কবি হিচাপে বিবেচিত৷ ইয়াৰ পূৰ্বে তেওঁ ২০০২ চনত উৰ্দুৰ বাবে সাহিত্য অকাদেমি বঁটা, ২০১৩ চনত দাদা চাহেব ফাল্কে বঁটা, ২০০৪ চনত পদ্মভূষণ আৰু তেওঁৰ চলচ্চিত্ৰ কৰ্মৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

আনহাতে, চিত্ৰকূটৰ তুলসী পীঠৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী ৰামভদ্ৰাচাৰ্যলৈও জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে৷ ৰামভদ্ৰাচাৰ্য এজন প্ৰখ্যাত হিন্দু আধ্যাত্মিক নেতা, শিক্ষাবিদ আৰু ১০০খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা৷ এক প্ৰেছ বিজ্ঞপ্তিত জ্ঞানপীঠ বাছনি সমিতিয়ে কয়, সংস্কৃত সাহিত্যিক জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু প্ৰখ্যাত উৰ্দু সাহিত্যিক গুলজাৰক ২০২৩ চনৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।উল্লেখযোগ্য যে ২০২১ত এই বঁটা লাভ কৰিছিল অসমৰ প্ৰখ্যাত কবি নীলমণি ফুকনে৷ আৰু ২০২২ত দামোদৰ মৌজোৱে এই সন্মানীয় বঁটা লাভ কৰিছিল।

Leave A Reply