Breaking

জনজাতীয় সাজপাৰত এইবাৰ মা দূৰ্গা ! এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাইছে দূৰ্গাৰ প্ৰতিমা…

0 89

জনজাতীয় সাজপাৰত এইবাৰ মা দূৰ্গা।।

এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাইছে দূৰ্গাৰ প্ৰতিমা।।

শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। চৌপাশে এতিয়া সীমাহীন ব্যস্ততা। ঢেকিয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ত বড়ো জনগোষ্ঠীয় সাজপাৰত দেখা গৈছে মা দূৰ্গাৰ প্ৰতিমা। সৰ্বমুঠ ২৩ টা প্ৰতিমা নিৰ্মাণ কৰা হৈছে এই মা লক্ষ্মী শিল্পালয়ত। লগতে এই শিল্পালয়তেই এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱীৰ প্ৰতিমা।

ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ ইংৰাজী আৰু কম্পিউটাৰ বিভাগৰ অধ্যাপিকা ৰঞ্জিতা দাস এতিয়া ব্যস্ত প্ৰতিমাত শেষ পৰশ দিয়াত। পুৱা ৯ বজাৰ পৰা ১২ বজালৈ পাঠ দান সম্পূৰ্ণ কৰি দিনৰ ১২ বজাৰ পাছত তেখেত ব্যস্ত হৈ পৰে প্ৰতিমাৰ চকু অংকন কৰাত। ঢেকিয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ত হাতত ৰঙ-তুলিকা লৈ এইদৰে ব্যস্ত অধ্যাপিকা ৰঞ্জিতা দাস। ঢেকিয়াজুলিৰ ৫ নং ওৱাৰ্ডৰ নিবাসী দিপাঙ্কৰ দাসৰ কন্যা ৰঞ্জিতা দাসৰ কৰ্মৰাজীয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

নিজৰ ভাল লগা যিকোনো কৰ্ম মানুহে কৰিব লাগে, কৰ্মত কেতিয়াও লাজ কৰিব নালাগে বুলি জনাইছে অধ্যাপিকা গৰাকীয়ে।  লগতে জনজাতীয় সাজপাৰ প্ৰতিমাত পৰিধান কৰোৱা সন্দৰ্ভতো তেখেতে কয় যে- যিহেতু অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একেলগে অতীজৰে পৰাই মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে, গতিকে সম্প্ৰীতিৰ এক নিদৰ্শন দেখুওৱাবলৈ দেৱীৰ প্ৰতিমা এইদৰে সাজি উলিওৱা হৈছে। নিজৰ কৰ্মৰাজীৰে পৰিচয় লাভ কৰা ৰঞ্জিতা দাস এতিয়া হৈ পৰিছে আন বহু জনৰ বাবে আদৰ্শ স্বৰূপ।

Leave A Reply