Madhabdev Tirubhav Tithi 2025: মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আজি তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ (Madhabdev Tirubhav Tithi 2025) ৫৩৩ সংখ্যক তিৰোভাৱ তিথি। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সত্ৰ-নামঘৰত তিৰোভাৱ তিথিৰ বিশেষ আয়োজন।

আজি অসমীয়াৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষ জনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগ বঢ়াই থৈ গৈছে। ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে মহাপুৰুষ গৰাকীয়ে। ১৫৭টি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম। সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছোঁ গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।

‘নামঘোষা’ক শ্ৰীমাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি বুলি বিবেচিত হ’লেও শ্ৰীশ্ৰীমাধৱদেৱক ‘ঝুমুৰা’ নামৰ নাট্য-সৃষ্টিসমূহেও এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। এই ঝুমুৰাসমূহৰো অসমীয়া সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনত এক বিশেষ ভূমিকা আছে। মূলতঃ ঝুমুৰা হ’ল সহজ, সৰল আৰু সহজে বুজিব পৰা এক লোকনাট্যধাৰা যি অসমীয়া সংস্কৃতিত গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে।


শঙ্কৰী যুগৰ বলিষ্ঠ সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শঙ্কৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শঙ্কৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সীমিত, সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শঙ্কৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়।


গীত : চোৰধৰা ঝুমুৰা,
কণ্ঠ : দিপ্লুৰঞ্জন হাজৰিকা

Related Articles