অপৰাধী আৰু চোৰাং ব্যৱসায়ীৰ ঘাটিহৈ পৰিছে ভাৰত বাঙলা দেশৰ সীমান্ত। চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিবলৈ লৈছে অসম আৰুপশ্চিমবঙ্গৰ ভাৰত-বাংলাদেশ সীমান্ত। শেহতিয়াকৈ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জালত পৰিছে কেইবাটাও আন্ত:ৰাষ্ট্ৰীয় চোৰাং সামগ্ৰী সৰবৰাহকাৰী।মঙ্লবাৰে নিশা ১২.৪৫ বজাত অসম বাংলাদেশ সীমান্তত বি এছএফে অবৈধভাবে অসমত প্ৰবেশ কৰিব বিচৰা ৩ বাংলাদেশীক আটক কৰে। ধৃত বাঙলাদেশী কেইজনৰপৰা বি এছ এফে ৪৫ বটল নিচাযুক্ত ফেনচিডাইল আৰু১৯.৫ কিলোগ্ৰাম গান্জা জব্দ কৰে। আটকাধিন বাংলাদেশী কেইটাৰ ভিতৰত আছিল এজন পুৰুষ, এগৰাকী মহিলা আৰু এগৰাকী যুৱতী। আটাইকে পিছত বাংলাদেশ সীমা সুৰক্ষা
বাহিনীৰ হাতত গটাই দিয়া হয়। ইপিনে পশ্চিমবঙ্গ আৰু বাঙলাদেশৰ সীমান্তত চলা আন এক অভিযানত ৪৫.৯ কিলোগ্ৰাম ওজনৰ ৰূপৰ অলঙকাৰ জব্দ কৰা হয়। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বি এছ এফে চলাইছিল এইঅভিযান। জব্দকৃত অলঙকাৰখিনিৰ বজাৰ মূল্য ২৩,৬,০১৬ টক। ভাৰতৰপৰা বাংলাদেশলৈ অবৈধভাবে অলঙকাৰ খিনি কঢ়িয়াই নিয়া এটা চোৰাং সামগ্ৰী সৰবৰাহকাৰীকো ঘটনাস্থলিতে আটক কৰে সীমা সুৰক্ষা বাহিনীয়ে।এখন কাঠ কঢ়িওৱা গাড়ীত ৪৭টা পেকেটত অলঙকাৰখিনি লৈ গৈছিল ধৃত সৰবৰাহকাৰীটোৱে।বুধবাৰে পুৱা ১১.১৫ বজাত উক্ত সামগ্ৰীখিনি জব্দ কৰা হয় বুলি জনাইছে বি এছ এফে।উল্লেখযোগ্য যে সীমান্তত অব্যাহত থকা মাফিয়াৰ দৌৰাত্মৰ বাবেই বাঙলদেশৰ সীমা সুৰক্ষা বাহিনীৰ এজন জোৱানক চোৰাং কাৰবাৰীৰ কবলৰ পৰা বি এছ এফে উদ্ধাৰ কৰিব লগা হোৱা এক ঘটনা মঙ্গলবাৰে পোহৰলৈ আহিছিল।

