নাজিৰা মহকুমাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এঘাৰ নৱেম্বৰত এখন প্ৰাচীৰ পত্ৰিকা “জ্ঞানমালিনী” আৰু এখনি হাতেলিখা আলোচনী “দাপোণ” নাজিৰাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে উন্মোচন কৰে ৷যোগেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত মহকুমাধিপতি সব্যসাচী কাশ্যপে সম্প্ৰতি একাংশ অভিভাৱকে ইংৰাজী মাধ্যমত শিশুসকলক পঢ়ুৱাই অসমীয়া কব নাজানে বুলি কোৱাটো অতি দুখজনক বুলি মন্তব্য কৰে ৷ প্ৰাচীৰ পত্ৰিকা আৰু আলোচনীৰ জৰিয়তে ছাত্ৰীসকল লিখা-মেলাৰ লগতে আগন্তুক সময়ত অসমীয়া ভাষা চহকী হব বুলি আশা প্ৰকাশ কৰে ৷ এটি বৰগীতেৰে আৰম্ভ হোৱা সভাৰ আদৰণি ভাষণ দি বিদ্যালয়ৰ অধ্যক্ষ সমৰজিৎ শইকীয়াই বহুদিনীয়া এটি সপোন পূৰণ হোৱা বুলি মন্তব্য কৰে ৷ শিক্ষয়িত্ৰী মঞ্জু ঘৰফলীয়া বড়াই আত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয় চন্দ্ৰ বৰা ,দেবেন কোৱৰ ,সাংবাদিক অনন্ত কলিতাই নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ ছাত্ৰীসকলৰ উদ্দেশ্য কৰি বক্তব্য আগবঢ়াই ৷ উক্ত সভাতেই বিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…