Magh Bihu: মাঘ বিহুৰ আগতে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামেৰে নিয়ন্ত্ৰণ, মাংস-কণী-গাখীৰৰ মূল্য নিৰ্ধাৰণত কঠোৰ নিৰ্দেশ

মাঘ বিহুল আগত(Magh Bihu)ৰাজ্যজুৰি নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। উৎসৱৰ সময়ত সাধাৰণ জনতাই অধিক মূল্যেৰ নলয়, সেই উদ্দেশ্যত মাংস, কণী, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম নিৰ্ধাৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে।

অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পক্ষৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তক অনতিপলমে নিজ জিলাত মাংস, কণী ,গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম নিয়ন্ত্ৰিত মূল্য নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে নিৰ্ধাৰিত দামত সামগ্ৰী বিক্ৰী হ’ইছে নে নাই, সেয়া নিশ্চিত কৰিবলৈ জিলা পৰ্যায়ত মনিটৰিং দল গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পশুপালন আৰু পশুচিকিৎসা বিভাগের সচিব অনিল চন্দ্ৰ ডেউৰীয়ে স্বাক্ষৰিত উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছে, মাঘ বিহুক কেন্দ্ৰ কৰি বজাৰত কৃত্ৰিম নাটনি সৃষ্টি কৰি কোনো ব্যৱসায়ী অথবা বিক্ৰেতাই যাতে অতিরিক্ত মূল্য আদায় কৰিব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনে কঠোৰভাৱে লক্ষ্য ৰাখিব লাগিব। বজাৰত নিয়মিত পৰ্যবেক্ষণ চলাই, বিক্ৰেতাসকলে চৰকাৰ নিৰ্ধাৰিত মূল্য মানি চলিছে নে নাই, সেয়া পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে। নির্দেশনাত আৰু উল্লেখ কৰা হৈছে, প্ৰত্যেক জিলাত গঠন হোৱা মনিটৰিং দল বজাৰ পৰিদৰ্শন কৰি মাংস, কণী, আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য পুনৰীক্ষণ কৰিব।

Related Articles