Breaking

জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্প, ছুনামীৰ সতৰ্কবাণী জাৰি

0 164

সোমবাৰে উত্তৰ মধ্য জাপানত ৭.৬ প্ৰাথমিক মাত্ৰাৰ ভূমিকম্পই আঘাত হানে।

সোমবাৰে ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ বাতৰি অনুসৰি জাপান সাগৰৰ কাষৰীয়া পশ্চিম উপকূলৰ কিছু অংশত প্ৰায় ১ মিটাৰ উচ্চতা (৩.৩ ফুট) চুনামীয়ে আঘাত হানিছে আৰু ইয়াতকৈ বৃহৎ ঢৌৰ সম্ভাৱনা আছে।

জাপান বতৰ বিজ্ঞান সংস্থাই উপকূলীয় প্ৰিফেকচাৰ ইছিকাৱা, নিইগাটা আৰু ট’য়ামাৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে।

স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৪:১০ বজাত (০৭:১০ জিএমটি) ইছিকাৱা প্ৰিফেকচাৰৰ নোটো অঞ্চলত ভূমিকম্পই আঘাত কৰাৰ পিছত এনএইচকে কয় যে, “সকলো বাসিন্দাই তৎক্ষণাত উচ্চ স্থানলৈ স্থানান্তৰিত হ’ব লাগিব”। লগতে কোৱা হৈছে যে ইছিকাৱাৰ বাবে আন এক ভূমিকম্পৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Leave A Reply