বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভৰ প্ৰায় তিনি পষেক ধৰি চলি আছে। ১৩ জানুৱাৰীত আৰম্ভ হোৱা মহাকুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰীত শিৱৰাত্ৰিত অৰ্থাৎ শিৱৰ পবিত্ৰ স্নানেৰে।(Mahakumbh)
দেৱতাৰ সৈতে সাগৰ মন্থন কৰি পোৱা অমৃত ৰখাৰ দায়িত্ব দেৱৰজা ইন্দ্ৰৰ পুত্ৰ জয়ন্তৰ ওপৰত পৰিছিল। সেই কাম সম্পূর্ণ কৰি থাকোঁতে চাৰিঠাইত অমৃত কেইটোপালমান পৰিল। সেই চাৰিখন ঠাইৰ নাম প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাশিক আৰু উজ্জীয়িন। এই চাৰিটা স্থানত মহাকুম্ভ স্নান শোভাযাত্ৰা উদযাপন কৰা হয়। কুম্ভ ৰাশিৰ সময় গ্ৰহ নক্ষত্ৰৰ লগত জড়িত। অমৃত, বৃহস্পতি, সূৰ্য্য, চন্দ্ৰ লাভ কৰা দেৱতাক নিয়ন্ত্ৰণত দেৱগুৰুৱে বিশেষ ভূমিকা পালন কৰে। এই কাৰণেই কুম্ভ ৰাশিৰ সময় বৃহস্পতি, ৰবি (সূৰ্য্য), আৰু চন্দ্ৰৰ বিশেষ অৱস্থানৰ দ্বাৰা নিৰ্ধাৰিত হয়। কুম্ভ বহুদিনলৈকে থাকে যদিও কিছুমান দিন বা তাৰিখ আৰু সময় কুম্ভ স্নানৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। সেই নিৰ্দিষ্ট দিনবোৰত নিৰ্দিষ্ট সময়ত স্নান কৰিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। কুম্ভমেলা শেষ হ’ব ২৬ ফেব্ৰুৱাৰী বুধবাৰে।
বুধবাৰৰ দিনটো পুৱা ১১:১০ বজাৰ পৰা আৰম্ভ হ’ব।
অমৃত যোগ – পুৱা ৭:৩৭ বজাত। আকৌ পুৱা ৯:৫৭ বজাৰ পৰা ১১:২৮ বজালৈ। আকৌ ৩:১৬ বজাৰ পৰা ৪:৪৭ বজালৈ। আকৌ ৬:২৪ বজাৰ পৰা ৮:৫৪ বজালৈ আৰু ১:৫৬ বজাৰ পৰা সূৰ্য্য উদয়লৈকে।
মহেন্দ্ৰ যোগ – পুৱা ১:৪৫ বজাৰ পৰা বিয়লি ৩:১৫ বজালৈ, নিশা ৮:৫৫ বজাৰ পৰা ১০:৩৪ বজালৈ।
এই সময়ত স্নান কৰিলে আপুনি ফল পাব।