‘মাৰাঠী নাহি বলুংগা’ …ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল অটোৰিক্সা চালক ।Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra

Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra । মহাৰাষ্ট্ৰত পুনৰ মূৰ দাঙি উঠিছে মাৰাঠী ভাষা কোৱা নোকোৱাকলৈ বিতৰ্ক। শেহতীয়াকৈ ‘মাৰাঠী নাহি বলুংগা’ বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে । সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল এজন বাহিৰৰ অটোৰিক্সা চালক। অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বেও মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী বীৰ পুৰুষসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল।


দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে ভিডিঅ’টো চাইছে যদিও এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক অভিযোগ লাভ কৰা নাই, সেয়েহে এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা হোৱা নাই। মুম্বাইৰ সমীপৰ ভিৰাৰ চহৰত এজন অটোৰিক্সা চালকক মাৰাঠী ভাষাত কথা ক’বলৈ অস্বীকাৰ কৰা ভিডিঅ’ প্ৰকাশ পোৱাৰ কিছুদিন পিছতে শনিবাৰে শিৱসেনাৰ (ইউ বি টি) কৰ্মীসকলে তেওঁক আক্ৰমণ কৰি ক্ষমা বিচাৰিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উঠিছে।
চলিত সপ্তাহৰ আৰম্ভণিতে ভাইৰেল হোৱা ভিডিঅ’টোত অট’ৰিক্সা চালকজনে হিন্দী ভাষাত কৈছে, “হিন্দী বলুংগা, ভোজপুৰী বলুংগা, পৰ মাৰাঠী নাহি বলুংগা (মই হিন্দী ক’ম। মই ভোজপুৰী ক’ম, কিন্তু মাৰাঠী নকও)।”

তেওঁ এজন যাত্ৰীক কোৱাও শুনা যায়, “মেইন হিন্দী বলুংগা, তুঝে ক্যা কৰ্ণা হায়? জো কৰ্ণা হায় কৰ লে (মই হিন্দীত কথা ক’ম—কি কৰিব? যি কৰিব মন যায় তাকে কৰক)।”

ছ’চিয়েল মিডিয়াত অট’ৰিক্সা চালকজনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে শনিবাৰে ভিৰাৰ ৰে’ল ষ্টেচনৰ সমীপত সেনা (ইউবিটি)ৰ এটা দলে তেওঁক আক্ৰমণ কৰে।
ইয়াৰ উপৰি অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বে মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী আইকনসমূহৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ ভিডিঅ’টো অনলাইনতো ভাইৰেল হৈ পৰিছিল, স্থানীয় ৰাজনৈতিক গোটকে ধৰি চোকা প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল।

অট’ৰিক্সা চালকজনক হাতযোৰ কৰি মেলি ক’বলৈ বাধ্য কৰালে, “মাৰাঠীক অপমান কৰাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।”আনহাতে এটা ভিডিঅ’ত ভিৰাৰ ৰে’ল ষ্টেচনৰ সমীপৰ ব্যস্ত পথত মহিলাসহ এদল লোকে অট’ৰিক্সা চালকজনক চৰ মাৰি থকা দেখা গৈছে।এই কাণ্ডই ভাষিক পৰিচয়, প্ৰব্ৰজনকাৰী সংহতি, সজাগতা আদিক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।মাৰাঠী নজনা বাবে অ-মহাৰাষ্ট্ৰীয়ৰ ওপৰত আক্ৰমণৰ এয়া প্ৰথম ঘটনা নহয়।
২৯ জুনত চুবুৰীয়া মীৰা ৰোড চহৰত মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ এদল লোকে বাবুলাল চৌধুৰী নামৰ দোকানী এজনক আক্ৰমণ কৰিছিল। এই ঘটনাক লৈ দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল।

Related Articles