Breaking

মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…

0 19

মহাৰাষ্ট্ৰত কংগ্ৰেছৰ দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ হৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্য খনত অকলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আচৰিত কথাটো হ’ল ৰাজ্য খনত এইবেলি কোনো মুছলমান প্ৰাৰ্থী নাই। নিৰ্বাচনত এজনো মুছলমান প্ৰাৰ্থী নিদিয়াৰ বাবে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ খান ওৰফে নাছিমে দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ কৰিছে। নাছিম মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী সংখ্যালঘু নেতা। তেওঁ এজন ৰাজ্যিক মন্ত্ৰীও আছিল। তেওঁ লোকসভা নিৰ্বাচন ২০২৪ ৰ দলৰ প্ৰচাৰ সমিতিৰো সদস্য । কিন্তু কোনো মুছলমান প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে নাছিমে প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে।


নাছিমে কয় “কংগ্ৰেছে মুছলমানৰ ভোট বিচাৰে কিন্তু মুছলমান প্ৰাৰ্থী দিব নিবিচাৰে’’। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত তেওঁ কয়, “মহাৰাষ্ট্ৰত ৪৮ খন আসন। অৱশ্যে, মহা বিকাশ আঘাদীয়ে এই ৪৮ খন আসনত এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। মই ভাবিছিলো ৪৮ জনৰ ভিতৰত কমেও এজন মুছলমান প্ৰাৰ্থী থাকিব।কিন্তু তেনে কৰা নহ’ল। মহাৰাষ্ট্ৰত, কংগ্ৰেছে শিৱসেনাৰ সৈতে হাত মিলোৱাৰ কথাকলৈ ইতিমধ্যে সংখ্যালঘুসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এইবেলি সমগ্ৰ মহাৰাষ্ট্ৰত কংগ্ৰেছ বা কংগ্ৰেছ মিত্ৰজোঁটে এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। এই কথাই দলটোৰ সংখ্যালঘু কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰকাশ আম্বেদকাৰৰ বঞ্চিত বহুজন বিকাশ আঘাদীয়ে বহু মুছলমানক নিজৰ শিবিৰলৈ অনাৰ চেষ্টা কৰি আছে।

Leave A Reply