“মহাবীৰ চিলাৰায়” আই.জি.এন.চি.এ.ৰ উদ্যোগত এমহীয়া পৰিৱেশনমূকল নাট্য কৰ্মশালাৰ আয়োজন…

“মহাবীৰ চিলাৰায়” ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছ (আই জি এন চি এ), উত্তৰ-পূব ক্ষেত্ৰীয় কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ২৭ মে’ৰ পৰা ১২ জুন ২০২৩ লৈ গুৱাহাটীত পৰিৱেশনমূকল নাট্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। উল্লেখ্য, গুৱাহাটীস্থিত পৰম্পৰা প্ৰৱাহ, শংকৰ মাধৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত, জাপৰিগোগত যোৱা ২৭ মে’ ২০২৩ তাৰিখে বিয়লি ৩:০০ বজাত আই জি এন চি এৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ গোডুকাৰ উপস্থিতিত টাইমছ অৱ ইণ্ডিয়াৰ আৱাসীক সম্পাদক প্ৰবীণ কলিতাই মুখ্য অতিথি হিচাপে কৰ্মশালাখন শুভ উদ্বোধন কৰে। কৰ্মশালা খনৰ মুখ্য উদ্দেশ্য হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকৰ্মক প্ৰচাৰ আৰু শিল্পপ্ৰেমী লোকসকলৰ বাবে এক মঞ্চ প্ৰদান কৰা। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে চলচ্চিত্ৰ পৰিচালক, সাহিত্যিক আৰু নাট্যকাৰ প্ৰভাত গোস্বামী, চিবিএফচিৰ উপদেষ্টা পেনেলৰ সদস্য শৈলেন্দ্ৰ পাণ্ডে, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক আৰু সত্ৰীয়া শিল্পী চিত্ৰলেখা গগৈ নিমানন্দ দাসও উপস্থিত থাকে।

১৬ শতিকাৰ কিংবদন্তি মহান‌ সেনানায়‌ক ”মহাবীৰ চিলাৰায়”ৰ জীৱন আধাৰিত নাট কৰ্মশালাখনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অহা ২৭ জনুত ২০২৩ তাৰিখে এই কৰ্মশালা খনৰ অন্তত “মহাবীৰ চিলাৰায়” পৰিৱেশনেৰে সামৰণি পৰিব। কৰ্মশালাখনৰ প্ৰকল্প সহযোগী হিচাপে কাম কৰা উস্তাদ বিছমিল্লাহ খান যুৱ বঁটা বিজয়ী নাট্য পৰিচালক আৰু গৱেষক ছাত্ৰ হিমাংশু শৰ্মাই ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Related Articles