মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানৰ শিৱ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা

ৰহাৰ দীঘলদৰিত থকা মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানত থকা শিৱমন্দিৰটোৰ পুনৰ্নিমান আৰু সৌন্দৰ্য বৰ্দ্ধন কৰি মহাশিৱৰাত্ৰিত মন্দিৰটোত থকা শিৱলিংগত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পুৱা অনুষ্ঠিত হয় পূজা অৰ্চনা । মহিমামণ্ডিত থানখনৰ চৌহদত থকা শিৱ মন্দিৰটোৰ পুনৰ নিৰ্মান আৰু সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুলগুৰি জি এন ইলেকট্ৰনিকৰ স্বত্বাধিকাৰী গৌতম ডেকাই আগবাঢ়ি আহি  অতি কম সময়ৰ ভিতৰতে দুই লাখৰো অধিক ধন ব্যয় কৰি শিৱমন্দিৰটোৰ পুনৰ নিৰ্মাণ আৰু  সৌন্দৰ্য বৰ্দ্ধনৰ কাম কৰি কালি পুৱা মন্দিৰটোত পূজা -অৰ্চনা আৰু পুৰোহিতৰ মন্ত্ৰ পাঠেৰে প্ৰাণ প্ৰতিষ্ঠা শিৱবাবাৰ ওচৰত মাননী শৰাই আগবঢ়াই কৰি ভক্তক গতাই দিয়ে । ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বিশেষ অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সন্মুখত যুৱ উদ্যোগী  ব্যৱসায়ী গৌতম ডেকাক থান পৰিচালনা সমিতিয়ে গামোচা, শৰাই , চেলেং আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ।

সামাজিক দায়বদ্ধতাৰ বাবে সততে কাম কৰা যুৱ ব্যৱসায়ী গৰাকীয়ে ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষৰ মূল তোৰণ নিৰ্মাণ, গড় মূৰ নামঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম , মহগড় নামঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম ,সৰাঘাট নামঘৰ পুনৰ নিৰ্মানৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাইজৰ আস্থাভাজন হৈ পৰিছে । উল্লেখ্য যে বামন গোঁসাই থানৰ শিৱমন্দিৰটোৰ পুনৰ নিৰ্মানৰ বাবে থানখনত অনুষ্ঠিত হোৱা লোক উৎসৱ ‘হোমপুৰা সবাহৰ ‘ ৰাহি হোৱা ১০ হাজাৰ টকা , আৰু ৯৮ নং দীঘলদৰি প্ৰাথমিক বিদ্যালয়ৰ দ্বি -শতবৰ্ষ সমাৰোহ (১৯২০-২০২০)ৰ ৰাহি হোৱা পুজিৰ ৪০ হাজাৰ টকা খৰছ কৰি মন্দিৰটোৰ পুনৰ নিৰ্মানৰ কাম প্ৰথমে আৰম্ভ কৰা হয় আৰু শেষত যুৱ ব্যৱসায়ী গৰাকীয়ে মন্দিৰটোৰ পুনৰ নিৰ্মান আৰু সৌন্দৰ্য বৰ্দ্ধনৰ কাম শেষ কৰি ৰাইজক গতাই দিয়ে ।

Related Articles