ইটাখোলাত তিনিদিন পূৰ্বে সংঘটিত নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

ড্ৰাগছৰে জড়িত চতিয়াৰ ইটাখোলাৰ যুৱকৰ হত্যাকাণ্ডই অঞ্চলজুৰি শোকৰ ছাঁ‌ পেলোৱা ঘটনাৰ মূল অভিযুক্তক আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যোৱা ১৫ জুনত ইটাখোলাৰ মনাইত উদ্ধাৰ হোৱা  দেহৰ বহু অংশত চোকা অস্ত্ৰৰ আঘাতৰ চিন থকা ২ নং ইটাখোলাৰ সঞ্জীৱ শইকীয়া (23) নামৰ যুৱক জনৰ মৃতদেহ ৷ ইয়াৰ পিছতে চতিয়া চক্ৰ আৰক্ষী বিষয়া দীলিপ বনিয়াৰ নেতৃত্বত চতিয়া আৰু ইটাখোলাৰ আৰক্ষীয়ে চলাইছিল ঘটনাৰ তদন্ত ৷ আজি পুৱতি নিশা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত হত্যাকাৰীৰ নাম নিৰ্মল কুৰ্মী ৷ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে নিৰ্মলে ৷ উল্লেখ্য যে আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি উক্ত হত্যাকাণ্ড বৰ্তমান ৰাজ্যজুৰি প্ৰশাসনে চলাই অহা ড্ৰাগছ বিৰোধী অভিযানৰ লগত নিশ্চিত ভাবে জড়িত । সেয়েহে আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ জোৰদাৰ তদন্ত  আৰম্ভ  কৰিছিল ।   হত্যাকাণ্ডটি সংঘটিত কৰা হত্যাকাৰীয়ে আগধন লৈ মৃত সঞ্জীৱক ড্ৰাগছ যোগান ধৰিব  নোৱৰাৰ বাবেই সংঘটিত কৰা বুলি উল্লেখ কৰে। আৰক্ষীয়ে হত্যাকাৰী নিৰ্মলৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা উদ্ধাৰ কৰে।

Related Articles