Maize cultivation: বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ


বাৰিষা পানীৰে উপচি (Maize cultivation) থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চৰাঞ্চলৰ কৃষকৰ আশাৰ সপোন। নৈৰ বুকুত চৰাঞ্চলৰ খেতিয়কৰ একমাত্ৰ জীৱিকাই হৈছে কৃষি কৰ্ম। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে চৰাঞ্চলৰ লোকসকল। বাৰিষা উফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া সেউজীয়া দলিচা।ফাগুণ , চ’তলৈ চৰাঞ্চলৰ কৃষকৰ সপোনে মেলিব আশাৰ সঞ্চাৰ।। সেই আশাৰে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰৰ এজন খেতিয়কে বাচি লৈছে মাকৈ খেতিৰে স্বাৱলম্বীতাৰ স্বপ্ন। স্বপ্নই নহয়, প্ৰত্যেক বছৰে এই মাকৈ খেতিৰেই উপাৰ্জন কৰি আহিছে লাখ লাখ টকা।

প্ৰায় ৫০ বিঘা নৈৰ বুকুৰ ভূমিত মাকৈ খেতি কৰি হাঁহি বিৰঙিছে খেতিয়ক জনৰ। এইবাৰ মাকৈৰ গছবোৰ লহপহকৈ ওখ হোৱাত অধিক লাভালাভ হোৱাৰ আশা কৰিছে তেওঁ। মাকৈৰ খেতিৰে বছৰি উপাৰ্জন কৰি আহিছে ৫ ৰ পৰা ১০ লাখকৈ টকা । খেতিয়কজন হৈছে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰ নিৱাসী দিলবাহাৰ আলী। দিলাবাহাৰে প্ৰতিবিঘা মাটিত ৩/৪ কিলোগ্ৰামকৈ মাকৈৰ বীজ চটিয়াই ৫০ বিঘা ভূমিত বহন কৰিছে ৫ লাখ টকা। যাৰ পৰা উপাৰ্জনৰ সপোন দেখিছে ১০/১৫ লাখ টকা । অইন খেতিত বেছি গুৰুত্ব নিদি কেৱল মাকৈ খেতিতেই নিজক খটুৱাই দিনৰ দিনটো পৰিশ্ৰম কৰে দিলবাহাৰে। দিলবাহাৰে জানিবলৈ দিয়ামতে “তেও প্ৰতিবছৰে মাকৈ খেতিয়েই কৰি আহিছে। কেৱল কৃষি ক্ষেত্ৰতেই জড়িত হৈ পুৱাৰ পৰা গধূলিলৈকে নৈৰ বুকুতেই সপোন ৰচে দিলবাহাৰে।

তেওঁ প্ৰতিবিঘা ভূমিত ৩ৰ পৰা ৪ কিলোগ্ৰাম কৈ মাকৈৰ বীজ ৰোপন কৰিছে। এতিয়া মাকৈ গছবোৰ লহপহকৈ বাঢ়ি আহি ওখ হৈছে। যাৰ পৰা পূৰ্ৱতকৈ এইবাৰ বেছি উপাৰ্জন হব” বুলি আশাবাদী দিলবাহাৰ। লগতে তেওঁ কয় যে, “কোনো চৰকাৰী সা সুবিধা নোপোৱাকৈ তেও এই কৃষি কাৰ্মৰ লগত জড়িত হৈ আহিছে প্ৰতিবছৰে ।

Related Articles