নতুন SOP বলৱৎ হোৱাৰ পিছত মাজবাট আৰক্ষীৰ তৎপৰতা

মহামাৰী ক’ভিড -১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নতুন এচ ও পি জাৰি কৰাৰ সময়ত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজবাট আৰক্ষীয়েও এচ ও পি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে। এই লৈ আজি ঠিক এঘাৰ বজাত মাজবাট নগৰখনৰ দোকান -পোহাৰ বন্ধ হোৱাৰ পিছত ১২ বজাৰ লগে লগে তৎপৰ হয় মাজবাট আৰক্ষী। মাজবাট আৰক্ষীয়ে নগৰখনৰ লগতে নিকটৱৰ্তী অঞ্চল সমূহটো আইন ভংগকাৰীক শাস্তি প্ৰদান কৰা দেখা যায়। ইতিমধ্যে দুচকীয়া বাহনত দুজন উঠা মানা আছে যদিও একাংশ মটৰ চাইকেল আৰোহিয়ে দুজন দুজনকৈ উঠি ঘুৰি ফুৰাত মাজবাট আৰক্ষীয়ে উক্ত আৰোহিৰ পৰা জৰিমনা বিহা দেখা যায়। সান্ধ্যাআইন চলি থকা অৱস্থাত বিনা কাৰণত ওলাই অহা আৰু অনাই -বনাই ঘুৰি ফুৰা লোকক কোনো কাৰনতে ৰেহাই দিয়া নহব বুলি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জানিবলৈ দিয়ে।

Related Articles