দুলীয়াজান-ডিগবৈ সংযোগী মূল গড়কাপ্তানি পথত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । প্ৰাপ্ত খবৰ অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ যোৰাজান অ’ চি এচৰ লগত সংলগ্ন এডাল তেল পৰিবাহী পাইপলাইনত এই ভয়াৱহ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় । ইয়াৰ ফলত বহু সময় ধৰি পথৰ ওপৰতেই আৱদ্ধ হৈ পৰে লঘু আৰু গধুৰ যানবাহন । অইলত সক্ৰিয় তেলচুৰি চক্ৰই উক্ত পাইপলাইনত কণ্ডেনচেট তেলচুৰি কৰি থকাৰ সময়তেই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি অইলৰ এক সূত্ৰই জানিবলৈ দিছে । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা দুলীয়াজান-ডিগবৈ পথত সংঘটিত অগ্নিকাণ্ডই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
শেহতীয়াকৈ ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিতহৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাস্থলীত অইলৰ পাইপলাইনত ভয়াৱহ গতিত প্ৰকৃতিক গেছ নিৰ্গমন হৈ আছে । ঘটনাস্থলীত অইলৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পুণৰ অগ্নিকাণ্ড সংঘটিত হোৱা আশংকাত ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনী, অইলৰ নিৰাপত্তাৰক্ষী বাহিনী আৰু আৰক্ষী মোতায়ণ কৰা হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰৰ অধ্যুষিত অঞ্চলত সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত অইল ইণ্ডিয়া আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ টাই আহোম যুৱ পৰিষদে অভিযোগ উত্থাপন কৰিছে ।

