মাজবাটৰ আৰক্ষীৰ বৃহৎ সাফল্য, জব্দ ৩৫০ কেজি ভাং…

মাজবাট আৰক্ষীৰ বৃহৎ সাফল্য ৩৫০ কেজি ভাং জব্দ। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে যোৱা নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শিং ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰ নিকটবৰ্তী ঘন জংঘলৰ মাজত অভিযান চলাই ৩৫০ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পাই ভাং ব্যৱসায়ী সকল সুযোগ বুজি পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাং খিনি মাজবাট থানালৈ লৈ আহে আৰু কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। ভাং খিনিৰ আনুমানিক মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Articles