কৰ’ণা মহামাৰীৰ গইনা লৈ খাদ্যসামগ্ৰীৰ মুল্যবৃদ্ধি : নিয়ন্ত্ৰণৰ দাবী সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ

কৰ’ণা মহামাৰীয়ে ভাৰতৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰা সময়ছোৱাত এচাম অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্য আকাশলংঘী কৰা পৰিলক্ষিত হৈছে৷ এক বিবৃতিত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে , চৰকাৰৰ লগতে জিলা প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজৰ সুবিধা হোৱাকৈ মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাইছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে , মানৱ সভ্যতাৰ দুৰ্যোগৰ মুহুৰ্তত সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই আলু, পিয়াঁজ, মিঠাতেল, দাইলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি কৰা কাৰ্য কোনো কাৰণত গ্ৰহণযোগ্য নহয় ৷ অতিশীঘ্ৰে যোগান বিভাগ, চৰকাৰ আৰু জিলা প্ৰশাসনে তৎপৰতাৰে  উদ্যোগ গ্ৰহণ কৰি ব্যৱসায়ী সকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপৰ দাবী জনাইছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে মুল্যবৃদ্ধিৰ ফলত খাতি খোৱা সৰ্বসাধাৰণ ৰাইজ বিপদৰ সন্মুখীন হ’ব ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

Related Articles