Breaking

মাজুলীত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

0 109

অসমীয়া ভাষাৰ ওজা হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস মাজুলী জিলা সাহিত্য সভাই সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে৷ পুৱা ৮.৩০ বজাত জিলা সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই পতাকা উত্তোলন কৰাৰ পিছতে পুৱা ৯ বজাত অসমীয়া ভাষাৰ পণ্ডিতগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলিসহ বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগনে৷

কমলাবাৰীস্থিত গান্ধী ভৱনত সুকলমে ৰূপায়ণ হোৱা দুয়োটা কাৰ্যসূচীতে অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক কেশৱ কাকতি, ৰামধনু শাখা সাহিত্য সভাৰ সভাপতি জগন্নাথ দুৱৰীয়া, উপসভাপতি ডিম্বেশ্বৰ দত্ত প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়৷ ইয়াৰ পিছতে দিনৰ ১১.৩০ বজাৰ পৰা জিলা সাহিত্য সভাৰ উদ্যোগত গড়মূৰ প্ৰেছ ক্লাবত হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

জিলা সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে জিলা সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই৷ অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মিনতি শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়োৱা সভাখনৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য প্ৰভাত বুঢ়াভকতে৷

উক্ত সভাতেই জিলা সাহিত্য সভাৰ তৰফৰ পৰা মেৰাগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ত্রিবেণী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন চন্দ্ৰ বৰাক চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্রৰে বিশেষভাৱে সন্মানিত কৰাৰ পিছতে বৰাই ভাষাৰ পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ ওপৰত বিষদভাৱে বক্তৃতা আগবঢ়ায়৷

তেওঁ কয় যে অসমীয়া হেমকোষে অসমীয়া ভাষাটোক স্বাভিমানেৰে মূৰ দাঙি ধৰিবলৈ সক্ষম কৰি তুলিলে৷ মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক কেশৱ কাকতি, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱজিত মিশ্ৰ, উপসভাপতি অনুপ্ৰভা দেৱী, সন্মিলিত শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰঠাকুৰ, সম্পাদক প্ৰমোদ গোস্বামী, নামনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি খগেন হাজৰিকা, তৰুণ চন্দ্ৰ পামেগাম শাখাৰ সম্পাদক সোণজ্যোতি পামেগাম, সাংবাদিক উৎপল কাকতি প্ৰমুখ্যে সচেতন সাহিত্যসেৱী-সমাজকৰ্মীসকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷

সভাখনত নিভাঁজ অসমীয়া ভাষাৰ প্ৰথমখন সংবাদ-পত্ৰ ‘আসাম বিলাসিনী’ৰ প্ৰকাশক মাজুলীৰ আউনিআটী সত্রৰ প্ৰয়াত সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীদেৱৰ স্মৃতি দিৱসটি অসম সাহিত্য সভাক কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ অনুৰোধ জনোৱা প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বাধা প্ৰদান কৰিব বিচৰা পাবত-গজা একাংশ অনা-অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ আগ্ৰাসনৰ বিৰোধিতা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাপতিৰ মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে স্মৃতিচাৰণ সভাখনিৰ সফল সামৰণি পৰে৷

Leave A Reply