Breaking

মাজুলী জিলা ভাওনা সন্মিলনৰ উজনি মাজুলী আঞ্চলিক সমিতি গঠন…

0 2,094

মাজুলী জিলা ভাওনা সন্মিলনৰ উদ্যোগত দেওবাৰে উজনি মাজুলী আঞ্চলিক সমিতিখন গঠন কৰা হয় | সেই অনুসৰি মুদৈবিল মিলনজ্যোতি ৰঙ্গমঞ্চত  আয়োজন কৰা উজনি মাজুলীৰ গৰিষ্ঠসংখ্যক ভাওনা শিল্পী আৰু স্থানীয় বিভিন্ন বিষয়ৰ শিল্পীসকলৰ লগতে সংস্কৃতিবান বয়োজ্যেষ্ঠ লোকসকলৰ উপস্থিতিৰে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয় | মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সন্মিলনৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই | গুৰুজনা সৃষ্ট ভাওনাক পৰম্পৰাগত ৰীতি-নীতিৰে আৰু যথাৰ্থ ৰূপত পৰিবেশন, সংৰক্ষণ আৰু সংবৰ্ধন আৰু ভাওনা শিল্পীসকলৰ মৰ্যাদা, চৰকাৰী সন্মান, শিল্পী স্বীকৃতিৰ হকে মাজুলী জিলা ভাওনা সন্মিলনে কাম কৰি যাব |

তাৰেই অংশ হিচাপে জিলা সন্মিলনখনিয়ে সমগ্ৰ মাজুলী সামৰি উজনি মাজুলী আঞ্চলিক, পুৱ মাজুলী আঞ্চলিক, মধ্য মাজুলী আঞ্চলিক আৰু নামনি মাজুলী আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এই সভাখনিৰ আয়োজন কৰা হৈছে বুলি জয়ন্ত হাজৰিকাই উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় | এই সভাখনিৰ আৰম্ভণিতে জিলা সন্মিলনৰ উপ-সভাপতি , বিশিষ্ট শিল্পী দীপক বৰুৱাৰ মাতৃ বিয়োগৰ সংবাদ লাভ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা আৰু শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় | চিনাকী পৰ্ব অনুষ্ঠানত জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকত, কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা, সম্পাদক যতীন বৰা, আৰু সাংগঠনিক সম্পাদক কুশদীপ হাটীমতাক একোখন ফুলাম গামোচাৰে আদৰণি জনোৱা হয় | ইয়াতে জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰনৱ শইকীয়া, সাংস্কৃতিক সম্পাদক অতুল কলিতা,কাৰ্যকৰী সদস্য ক্ৰমে সত্যেন দত্ত, সঞ্জীৱ সেনাপতিয়েও অংশগ্ৰহণ কৰে | সভাপতি প্ৰভাত বৰা বুঢ়াভকতে এটি মনোজ্ঞ বক্তব্যৰে সভাখনিৰ গুৰুত্বতা বৃদ্ধি কৰাৰ পিছতে আঞ্চলিক সমিতিখনৰ পোষকতা কৰি বিপিন হাজৰিকা, জয়ন্ত হাজৰিকা, কুশদ্বীপ হাটীমতা, স্থানীয় সমাজ সচেতন ব্যক্তি গণেশ ৰাজখোৱা, জিলা কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা , বিশিষ্ট শিল্পী এলেঙ্গী নৰসিংহ সত্ৰৰ পৰা অংশগ্ৰহণ কৰা নৱজ্যোতি মহন্ত প্ৰভৃতি বিশিষ্ট লোকসকলে বক্তব্য আগবঢ়ায় | ইয়াৰ পিছতে উজনি মাজুলী আঞ্চলিক সমিতিখন গঠন কৰা হয় | সেইমৰ্মে সভাত উপস্থিতসকলৰ সৰ্বসন্মতিক্ৰমে অতুল কলিতাক সভাপতি, কাৰ্যকৰী সভাপতি নৱজ্যোতি মহন্ত , বিপিন হাজৰিকাক  সম্পাদক, বসন্ত ৰাজখোৱা আৰু প্ৰনৱ শইকীয়া (হেম) উপ সভাপতি, সত্যেন দত্ত, নিতুল শইকীয়া, প্ৰণৱজ্যোতি শইকীয়াক সহকাৰী সম্পাদক, সাংস্কৃতিক সম্পাদকৰূপে- বিতোপন শৰ্মা, কৃষ্ণা মেধি, জীৱনজ্যোতি হাজৰিকা, সাংগঠনিক সম্পাদক- ৰুবুল দত্ত, ধৰ্ম বেজ, যতীন বৰা, জয়ন্ত শইকীয়া, সঞ্জীৱ সেনাপতি, প্ৰচাৰ সম্পাদকৰূপে ৰঞ্জন বৰা, ৰাজীৱ পাতিৰ , প্ৰাঞ্জল  খাউণ্ড , কাব্যশ্ৰী বৰা, সঞ্জীৱ অভয়পুৰীয়া, ৰূপজ্যোতি বৰা, কাৰ্যকৰী সদস্য হিচাপে অনুৰাগ শইকীয়া, ৰাজু দাস, জিন্তু শইকীয়া, বিপুল খাউণ্ড ,উত্তম বৰা আৰু জয়ন্ত বৰাক মনোনীত কৰা হয় | এই সমিতিখনিৰ উপদেষ্টাৰূপে পোনা বায়ন, গনেশ ৰাজখোৱা, বিপিন হাজৰিকা, দুৰ্গেশ্বৰ শইকীয়া আৰু অৱনী বৰাক গ্ৰহণ কৰে |

উল্লেখযোগ্য যে এই আঞ্চলিক সমিতিখন পৰৱৰ্তী সময়ত বৰ্ধিত কলেৱৰত অঞ্চলৰ সকলো ভাওনা শিল্পীকে সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় |নৱ নিৰ্বাচিত  আঞ্চলিক সমিতিখনলৈ জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকত, কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা, কুশদীপ হাটীমতা আৰু যতীন বৰাই অভিনন্দন জ্ঞাপন কৰে | বৃহত্তৰ উজনি মাজুলীৰ ভাওনা শিল্পীসকলক সমবেত কৰাই এখন আঞ্চলিক সমিতি গঠন কৰাৰ দিহা কৰা বাবে অতুল কলিতা, সত্যেন দত্ত, হেম শইকীয়া আৰু সঞ্জীৱ সেনাপতিক জিলাৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই ভূয়সী প্ৰশংসা আৰু শলাগ লয় | একেদৰে মুদৈবিল গাঁৱৰ ৰাইজ, যুৱকবৃন্দ আৰু মুদৈবিল মিলনজ্যোতি ৰঙ্গমঞ্চ পৰিচালনা সমিতিৰো শলাগ লোৱা হয় | মাজুলী জিলা ভাওনা সন্মিলনৰ উদ্যোগত ঘোষণা কৰা মাতৃভাষা ভাওনা নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ প্ৰাক্ মুহূৰ্তত এই আঞ্চলিক সমিতিৰ গঠনে জিলা সমিতিখনি অধিক শক্তিশালী কৰি তুলিব বুলি সভাৰ বিশিষ্ট অতিথিসকলে মত প্ৰকাশ কৰিছে | জিলা সভাপতিজনাৰ অভিনন্দন আৰু শলাগেৰে সভাখনিৰ সফল সামৰণি ঘটোৱা হয় |

Leave A Reply