অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি অনুষ্ঠান সম্পন্ন মাজুলীত৷ সমন্বয় শাখা সাহিত্য সভা পুৰণিবাৰীৰ উদ্যোগত মাজুলী জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে বালিচাপৰি নাথ গাঁওৰ বৰনামঘৰ প্ৰাংগনত সুকলমে সম্পন্ন হয়৷

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে আদৰণি সমিতিৰ উপসভাপতি ৰূপজ্যোতি নাথে আৰু পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মাজুলী জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু আদৰণি সমিতিৰ সভাপতি আনন্দ নাথে৷
আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত চন্দ্ৰ নাথে স্মৃতি তৰ্পণ কৰাৰ পিছতে মাজুলীৰ বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী কেন্দ্ৰীয় কুঁহি প্ৰতিযোগিতাত চিত্রাংকন, কবিতা আবৃত্তি, বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই উদ্বোধন কৰা কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভাৰ কু্ঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু জিলা সম্পাদক মনোজ্যোতি ৰেগনে৷ অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁয়ে সঞ্চালনা কৰা সমগ্ৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন কলিতা, ধেমাজি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক দীপক ভৰালী, প্ৰাক্তন জিলা প্ৰতিনিধি নামেশ্বৰ কাৰ্দঙ, চৰাইদেউ জিলা সাহিত্য সভাৰ কু্ঁহি উপসমিতিৰ আহ্বায়ক সুনীল গগৈ, অসম সাহিত্য সভাৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা প্ৰমুখ্যে পাঁচ শতাধিক সাহিত্য অনুৰাগীয়ে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

দুটা শাখাত অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত ‘ক শাখা’ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ আৰু ‘খ শাখা’ত ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কবি দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানুহৰ দেশ’ শীৰ্ষক কবিতা আবৃত্তি কৰে৷
তেনেদৰে চিত্রাংকন প্ৰতিযোগিতাও দুটা শাখাত অনুষ্ঠিত হোৱাৰ বিপৰীতে এটা এটা শাখাত অনুষ্ঠিত হোৱা বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিক পৰ্যন্ত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমনি নাথ আৰু কবি যতীন্দ্ৰনাথ মুদৈয়ে বিচাৰক হিচাপে উপস্থিত থকা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত ক্ৰমে অভিজ্ঞান দত্ত, অনুৰাগ নাথ, দেৱাশ্ৰী বৰাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ, ধেমাজি জিলাৰ নীৰা কোঁৱৰে নিচুকনি পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ‘খ’ শাখাত অভিলাষা বৰা, কৃষাৰাণী নাথ, অনন্যা পামেগামে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে৷
বিশিষ্ট অনাতাঁৰ শিল্পী অনিমা শইকীয়া, গীতিকাৰ ইভাৰাণী গোস্বামী, শিল্পী ৰুণমণি শইকীয়া আৰু গায়ক ইন্দিৰাম নাথে বিচাৰক হিচাপে উপস্থিত থকা বৰগীত প্ৰতিযোগিতাত ৰক্তিম ৰঞ্জন নাথে প্ৰথম, অৰ্চিতা শইকীয়াই দ্বিতীয়, প্ৰাচুৰ্য্যা প্ৰিয়ম বৰুৱা আৰু দিব্যজ্যোতি শৰ্মাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ, ধেমাজিৰ বাৰ্লিনা চুতীয়াই নিচুকনি পুৰস্কাৰ লাভ কৰাৰ পিছতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত মনালিচা নাথ, মৃগাংক নাথ, ধৃতিমণি বৰাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে৷ চিত্র শিল্পী শ্যামন্ত পায়েং আৰু ত্ৰিপুৰাত দলে বিচাৰক হিচাপে উপস্থিত থকা চিত্রাংকণ প্ৰতিযোগিতাৰ ‘ক’ শাখাত ক্ৰমে মধুস্মিতা হাজৰিকা, দৰ্শন প্ৰতীম গোস্বামী, চিত্রৱন পামেগামে প্ৰথম দ্বিতীয় আৰু তৃতীয় হোৱাৰ বিপৰীতে ‘খ’ শাখাত অনুপম বৰুৱাই প্ৰথম, সমুজ্জ্বল হাজৰিকাই দ্বিতীয় আৰু অভিলাষা বৰাই তৃতীয় স্থান অধিকাৰ কৰে৷
ইয়াৰ পিছতে বিয়লি ৩ বজাত অনুষ্ঠিত প্ৰজাতীয় মৈত্ৰীবন্ধনৰ কেন্দ্ৰীয় আলোচনা চক্ৰৰ সঞ্চালনা কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰত্নেশ্বৰ বসুমতাৰীয়ে। মিচিং লোক-সংস্কৃতিৰ গৱেষক অমিয় কুমাৰ চিৰাং, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিষ্ণু দেউৰী আৰু লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিপুল শৰ্মা বৰুৱাই মুখ্য আলোচক হিচাপে অংশগ্ৰহন কৰা ‘অসমীয়া ভাষা সাহিত্যলৈ জনগোষ্ঠীয় অৱদান’ শীৰ্ষক আলোচনাত বহুসংখ্যক সাহিত্য অনুৰাগীয়ে অংশগ্ৰহণ কৰে৷ সম্পাদক মনোজ্যোতি ৰেগনে উদ্দেশ্য বাখ্যা কৰা সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই। প্ৰতিনিধি সভাই সাহিত্যিক মহিম চন্দ্ৰ নাথক জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে৷
সভাত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা আৰু লিপিৰ বাধ্যতামূলক ব্যৱহাৰ, অসম সাহিত্য সভাৰ সভ্যসকলক অসম সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা, গড়মূৰ সত্রৰ বিপ্লৱী সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱ গোস্বামী, সুসাহিত্যিক তথা নতুন কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী আৰু প্ৰথম অসমীয়া বাতৰি কাকত ‘আসাম বিলাসিনী’ৰ প্ৰণেতা দত্তদেৱ গোস্বামীৰ স্মৃতিদিৱস অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ পৰ্যবেক্ষণত সুসম্পন্ন হোৱা প্ৰতিনিধি সভাত মাজুলী জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ১৫ লাখ টকাৰ সঠিক প্ৰয়োগত গুৰুত্ব প্ৰদান কৰি নতুন জিলা সমিতিক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰাৰ লগতে প্ৰয়োজনত পূৰ্ব প্ৰস্তাৱিত নিৰ্মাণ সমিতিৰ সালসলনি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে৷

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে নৱনিৰ্ৱাচিত জিলা সভাপতি ৰামসাগৰ নাথক আদৰি অনাৰ পিছতে দিনৰ ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় I পঞ্চৰত্ন মহিলা গোটে দিহানাম পৰিৱেশন কৰি মঞ্চ মুকলি কৰে I ইয়াৰ পিচতে অধিৱেশনৰ মুকলি সভাত শিল্পী ইভাৰাণী গোস্বামীৰ নেতৃত্বত ৰিডম মাজুলীৰ বাচকবনিয়া শিল্পীয়ে অসম সাহিত্য সভাৰ আৰম্ভণি গীত পৰিৱেশন কৰে I মুকলি সভাত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই নৱ নিৰ্বাচিত সভাপতি ৰামসাগৰ নাথক আনুষ্ঠানিকভাৱে সভাপতিৰ আসনত অলংকৃত কৰায় I অসম সাহিত্য সাহিত্য সভাৰ উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল অসমীয়াই সংৰক্ষন কৰি ৰাখি ভাষাৰ বহুল প্ৰয়োগৰ সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে৷
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই ‘সমন্বয় সুবাস’ শীৰ্ষক আদৰণী সমিতিৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে | নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী সত্যজিৎ মহন্তই বিশেষ সন্মানীয় অতিথি, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড০ জয়ন্ত মাধৱ বৰা, অৱসৰী অধ্যক্ষ ঘনকান্ত নাথ, অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, কেন্দ্ৰীয় কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, সাংবাদিক যদু কলিতা, প্ৰাক্তন জিলা সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, বিষয়ববীয়া ক্ৰমে ৰুবী শইকীয়া, প্ৰফুল্ল বৰুৱা, আৰতি বৰা, যুগল হাজৰিকা, অমূল্য কুমাৰ নাথ, মিনতি শইকীয়া, গুণকান্ত ভূঞা, গিৰিধৰ কলিতা, প্ৰদীপ বৰঠাকুৰ, জীৱেশ্বৰ বৰা, ইন্দুলেখা হাজৰিকা, ৰবীন শইকীয়া, হৰেন্দ্ৰনাথ বৰুৱা, প্ৰণৱজিত মিশ্ৰ, সত্যজিৎ কুম্বাং, খগেন হাজৰিকা, অনুপ্ৰভা দেৱী, প্ৰফুল্ল বৰুৱা, প্ৰমোদ চন্দ্ৰ গোস্বামী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷
আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য প্ৰভাত বৰা বুঢ়াভকতে উদ্বোধন কৰা সভাতেই অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী চিত্রাংকণ-কবিতা আবৃত্তি-বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, প্ৰধান সম্পাদক তথা কেন্দ্ৰীয় কুঁহি সমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়কৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ প্ৰদানৰ লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ পোন্ধৰশ টকা, এহেজাৰ টকা আৰু পাঁচশ টকা, কিতাপৰ টোপোলা, লেখন সামগ্ৰী প্ৰদান কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আদৰণী সমিতিৰ সভাপতি আনন্দ নাথে৷ জাতীয় সংগীতেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে৷

