Breaking

ডবা,শংখ ধ্বনিৰে মুখৰিত মাজুলী

0 55

মাজুলীৰ চৌদিশে উখল মাখল পৰিবেশ।ডবা,শংখ,উৰুলিৰ ধ্বনিৰে মুখৰিত মাজুলী।মাজুলীত আজি ৰাস মহোৎসৱত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।ৰাস উপভোগ কৰি মুগ্ধ মুখ্যমন্ত্ৰী শৰ্মা।দুদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা শৰ্মাই বৃহস্পতিবাৰে একেদিনাই বহু উন্নয়নমূলক আঁচনি পৰ্যবেক্ষণ কৰাৰ লগতে কামৰ খতিয়ান লয়।সন্ধ্যা মাজুলীৰ কেবাখনো সত্ৰত সেৱা লোৱাৰ লগে ৰাস উপভোগ কৰে।মাজুলীৰ ৰাসৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। যোৱা দুটা বছৰে কভিডৰ বাবে নিজক সীমাবদ্ধ কৰি মাজুলীবাসীয়ে ৰাস উৎসৱ পালন কৰি আহিছে। কিন্তু অহা চাৰি বছৰে বা তাৰ পাছত মাজুলীৰ ৰাসক কেন্দ্ৰ কৰি ভাৰতবৰ্ষতো যাতে এটা জোকাৰনি আহে বা মানুহৰ মনত যাতে মাজুলীৰ ৰাস চাবলৈ যাম বুলি এক উৎকন্থা আহে লগতে ৰাসক কেন্দ্ৰ কৰি পৰ্যটনৰ সংখ্যা যাতে বঢ়াব পাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব-আজি তিনিদিনীয়াকৈ মাজুলীত আৰম্ভ হোৱা শাৰদীয় ৰাসোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই এনেদৰে কয়। মাজুলীৰ বিভিন্ন সত্ৰত ৰাসোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ মাজতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে-মই এইবাৰ প্ৰথমবাৰৰ বাবে মাজুলীৰ ৰাস উপভোগ কৰিছোঁ। মাজুলীৰ ৰাসৰ আধ্যাত্মিক মহানতাক উপলব্ধি কৰাই নহয় আজি মই বিমল আনন্দ অনুভৱ কৰিছোঁ।  দিনটো মাৰাথন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সন্ধিয়াৰে পৰা মাজুলীৰ বিভিন্ন সত্ৰৰ ৰাসোৎসৱত অংশগ্ৰহণ কৰে। প্ৰথমে মুখ্যমন্ত্ৰীয়ে গড়মূৰ সত্ৰত উপস্থিত হৈ সেৱা লৈ সত্ৰ খনিৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীৰে সত্ৰখনৰ উন্নয়নৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। লগতে শৰ্মাইশ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গড়মূৰ সৰুসত্ৰ দৰ্শন কৰাৰ লগতে ইয়াৰ আধ্যাত্মিক পৰিৱেশত কিছু সময় কটাই ৷ এই দৰ্শন কালতে পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰীহৰিদেৱ গোস্বামীদেৱৰ আশীৰ্বাদ লোৱাৰ উপৰি তেখেতৰ সৈতে বাৰ্তালাপ কৰি সত্ৰখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে ৷ ইয়াৰ উপৰিওএই ভ্ৰমণ কালতে  শ্ৰীশ্ৰীআউনীআটী সত্ৰও দৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷ এই আপাহতে সত্ৰখনৰ পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীদেৱৰ সৈতে সত্ৰখনৰ লগতে মাজুলীৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰে। দক্ষিণপাট সত্ৰৰ ৰাসোৎসৱত বন্তি প্ৰজ্বলিত কৰি উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে উত্তৰ কমলাবাৰী সত্ৰতে নিশাৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পোনেই মাজুলীৰ নৈপৰীয়া বালি জকাইবোৱা মিছিং গাঁৱত উপস্থিত হয়। নিশাটো মুখ্যমন্ত্ৰীয়ে নৈপৰীয়া গাওঁ খনৰ কিৰন পায়েঙৰ ঘৰতে কটাব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচৰাত মুখ্যমন্ত্ৰীয়ে কয় যে- কাইলৈ ৰাতিপুৱা বালি জকাইবোৱাৰ এই অঞ্চলতে জলসম্পদ বিভাগৰ বহুকেইটা কামৰ শুভাৰম্ভ ঘটিব। সেয়ে মই নিশাটো এই অঞ্চলতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। পূৰ্বেও মই জোনাইৰ এখন মিছিং গাৱত আছিলোঁ। তেখেত সকলৰ কলা-কৃষ্টি, সংস্কৃতি, জীৱন শৈলী চাই ভাল লাগে। মাজুলীৰো মিছিং ৰাইজৰ দৈনন্দিন জীৱন শৈলী এনিশা কটাই বুজাত মোৰ সহায় হব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আপ্ৰায়নৰ বাবে কিৰনৰ পৰিয়ালে সাজু কৰা মিছিং পৰম্পৰাগত খাদ্যৰ সম্ভাৰৰো জুতি লয় মুখ্যমন্ত্ৰীয়ে।
যোৰহাট মাজুলীৰ দলংৰ নিৰ্মাণ স্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : আজি সন্ধিয়া মাজুলীৰ বিভিন্ন সত্ৰৰ ৰাসোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ মাজতে মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট মাজুলী সংযোগী দলংৰ নিৰ্মাণ স্থলীত উপস্থিত হৈ কেম্পৰ সকলো দিশ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে- মই ৭-১০ দিনৰ ভিতৰত পুনৰ মাজুলীলৈ আহিম আৰু দলংৰ প্ৰথমটো পাইলিংৰ কাম আৰম্ভ কৰিম বুলি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। কাইলৈ পুৱাৰ ভাগতে জলসম্পদ বিভাগৰ বিভিন্ন কামৰ শুভাৰম্ভ ঘটাই মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰা হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ ৰাওনা হ’ব।

Leave A Reply