Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি…

0 57

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰিষদে শেহতীয়াকৈ প্ৰকাশ কৰা স্নাতক মহলাৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষাসূচীক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী জিলা ছাত্র মুক্তি সংগ্রাম সমিতিয়ে। বিশেষকৈ এই পৰীক্ষা সূচীয়ে মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে । ইতিপূর্বে ২৮ আৰু ২৯ নৱেম্বৰত বিশ্ববিদ্যালয়খনে মেজৰ, নন অনাৰ্চ আৰু ডি এছ ই বিষয়ৰ গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সূচী প্রকাশ কৰিছে। সেই দুয়োটা দিনতেই মাজুলীৰ আকাশ বতাহ পৱিত্ৰ ৰাসোৎসৱৰ উন্মাদনাত বিলীন হ’ব। তেনে পৰিৱেশত ছাত্র ছাত্রী সকলে পৰীক্ষাত বহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব।

তাৰোপৰি মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ উৎসৱ ৰাসোৎসৱৰ সময়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে অসন্তুষ্টি প্রকাশ কৰি তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলে। বিশ্ববিদ্যালয়খনে আন উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত যিদৰে সমস্যাৰ সৃষ্টি নোহোৱাকৈ ব্যৱধান অনুসৰি পৰীক্ষাৰ সময়সূচী তৈয়াৰ কৰিছে, ঠিক তেনেদৰে মাজুলীৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি এই পৰীক্ষা সূচী তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি মাজুলীৰ প্ৰায় কেইখন মহাবিদ্যালয়ৰ ওচৰে পাজৰে ৰাস মঞ্চ অথবা সত্রানুষ্ঠান আছে।

উক্ত দুয়োটা দিনতেই ৰাসোৎসৱৰ উন্মাদনাত দেশী বিদেশী পর্যটক, স্থানীয় ৰাইজৰ সমাগম, আৰু উচ্চ প্রাবল্যৰ শব্দ যন্ত্ৰৰ সমাহাৰৰ মাজত ছাত্ৰ ছাত্ৰীয়ে কিদৰে পৰীক্ষাত মনোনিৱেশ কৰিব তাক লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেধৰণে কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ডে দিয়া পৰীক্ষাৰ সময়সূচীয়ে এতিয়া ছাত্ৰ ছাত্ৰী সকলৰ মনত যথেষ্ট প্ৰভাৱ পেলাইছে। মাজুলীবাসীৰ আৱেগৰ উৎসৱ ৰাস মহোৎসৱত পূৰ্বৰে পৰাই জিলা প্ৰশাসনে এটা অতিৰিক্ত দিন স্থানীয় বন্ধ হিচাপে ঘোষণা কৰি আহিছে। তেনে স্থলত বিশ্ববিদ্যালয়খনে পৰীক্ষা অনুষ্ঠিত কৰি সমগ্ৰ মাজুলীৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ একপ্ৰকাৰ হেতালি খেলা পৰিলক্ষিত হৈছে। এই সমগ্ৰ বিষয়টো মাজুলী জিলা ছাত্র মুক্তি সংগ্রাম সমিতিয়ে বিবেচনা কৰি চাবলৈ বিশ্ববিদ্যালয় খনলৈ আহ্বান জনাইছে।

Leave A Reply