দৈনিক এটাকৈ কল খােৱাৰ অভ্যাস কৰক ! কলে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে…

দৈনিক এটাকৈ কল খালে অনিদ্ৰা, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱা যায়। কল নিয়মীয়াকৈ খাই থাকিলে ভোকো বেছিকৈ লাগে। যদি পুৱাৰ জলপানৰ লগত কল খোৱা হয়, তেনেহ’লে ই শৰীৰৰ বিভিন্ন ৰোগৰ কাৰণে ঔষধ স্বৰূপে কাম কৰে।

পকা কল এটা পিটিকি তাৰ লগত আধাকাপ পানী মিহলাই ভালদৰে গুলি লৈ পিছত পানীখিনি নিগৰাই লৈ চেকি লওক। এই ৰসৰ লগত সামান্য পৰিমাণে নিমখ মিহলাই গলধন, ডিঙি আৰু হাত দুখনত বাউসীলৈকে সানক।

শুকাই যোৱাৰ পিছত পানীৰে ধুই পেলাওক। এনে কৰিলে ছাল কোচ খাই ওলমি যোৱা বিকাৰ নাইকিয়া হ’ব আৰু ছাল কমনীয় হৈ পৰিব।

কলে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে –

কল খাই থকা লোকৰ শৰীৰত শক্তিৰ মাত্ৰা সাধাৰণ ব্যক্তিৰ তুলনাত বেছি থাকে। অন্য ভালেমান ফলৰ দৰে, গোটেই বছৰ ধৰি পাব পৰা ফল হৈছে এই কল। কিছুমান আবতৰীয়া ফলৰ দাম গোটেই বছৰ ধৰি একে সমানে নেথাকে কিন্তু কলৰ দাম প্ৰায় একেদৰে থাকে। বিভিন্ন ধৰণৰ কল বজাৰত পোৱা যায় আৰু প্ৰায় অধিকাংশ কলৰে গুণ কম বেছি পৰিমাণে একে। বিভিন্ন প্ৰজাতিৰ কলৰ সোৱাদ আৰু গোন্ধ বেলেগ হয় যদিও ইয়াৰ ভিতৰতে কিছুমান প্ৰজাতিৰ কল বৰ সুস্বাদু হয়।

কলে শৰীৰত যথেষ্ট শক্তি যোগান ধৰাৰ লগতে ইয়াত থকা ভিটামিন, আয়ৰণ আৰু ফাইবাৰ আদিয়ে শৰীৰক পুষ্টিৰ যোগান ধৰিব পাৰে।

কলত অন্যান্য ফলতকৈ অধিক শক্তি যোগানৰ উৎস আছে বাবেই খেলুৱৈসকলে প্ৰতিদিনেই কল খাবই লাগে। কল বুলি ক’লে আমি সাধাৰণ পকা কলকেই বুজো যদিও কেঁচা কলো পাচলিৰূপে খাব পাৰি। অৱশ্যে পাচলি ৰূপে খোৱাৰ বাবে পুৰাকলজাতীয় কেইবাটাও জাতৰ কল আছে।

কল পকাৰ লগে লগে তাত এন্টিঅক্সিডেন্ত উপাদানৰ স্তৰ বৃদ্ধি পায়। কলত কেৰোটিনয়ড, এন্টিঅক্সিডেন্ট পোৱা যায় আৰু এইবিধ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ফলত কলত থক পুষ্টি উপাদানৰ মাত্ৰা আঠ গুণলৈকে বাঢ়ি যায়। কলত পটাচিয়াম, ভিটামিন-‘এ’, ‘চি’, ‘বি-১’ আৰু ‘বি-২’ৰ লগতে খাদ্য আঁহ পূৰা মাত্ৰাত থাকে। সেয়ে সম্পূৰ্ণকৈ পকা কলহে খাব লাগে আৰু এনে কলেহে শৰীৰক সম্পূৰ্ণকৈ পুষ্টিৰ যোগান ধৰিব পাৰে। কলত এফ.অ’.এইচ.উপাদানো পোৱা যায়।

Related Articles