মাখানা হৈছে স্বাস্থ্যকৰ খাদ্য। মাখনাই ওজন কমা, হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম আৰু হাড়ৰ বাবে উপকাৰী। মাখনা দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু আপুনি সুস্থ জীৱনৰ দিশত এখোজ আগুৱাই নিব পাৰে।
আজি বিত্তীয় বাজেট ২০২৫-২৬ত বিহাৰৰ বাবে ডাঙৰ ঘোষণা কৰি নিৰ্মলা সীতাৰমণে কয় যে বিহাৰত মাখান ব’ৰ্ড স্থাপন হ’ব। এই ব’র্ডে মাখানা কৃষকক সহায় কৰিব।(Makhana)
যদি সন্ধিয়া পাতলীয়া আহাৰ খাবলৈ মন যায় তেন্তে তেলমুক্ত ভাজি লোৱা মাখানাতকৈ ভাল একো খাদ্যয়ে হ’ব নোৱাৰে। মাখানা ছুপাৰফুডতকৈও কম নহয়।
যোৱা কেইবছৰমানৰ পৰা বিহাৰৰ এই ছুপাৰফুড বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। সাধাৰণতে ইয়াক তেলত ভাজি খালে কেলৰি বৃদ্ধি পায়, এনে কেৰাহিত গৰম কৰি খালে ভাল আৰু স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰ পোৱা যায়।
১/ ওজন কমাবলৈ সহায়ক-
এয়াৰ ফ্ৰাইড মাখানা কম কেলৰি আৰু উচ্চ আঁহযুক্ত স্বাস্থ্যকৰ জলপান, যিয়ে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ ফলত পেট দীৰ্ঘদিন ধৰি ভৰি থকাত সহায় কৰে, যাৰ ফলত অস্বাস্থ্যকৰ জলপানৰ প্ৰতি লোভ কমি যায় আৰু যদি দৈনিক এনে অভ্যাস কৰা হয়, তেন্তে লাহে লাহে ওজন কমিবলৈ আৰম্ভ কৰিব।
২) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
মাখনাত সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল নাথাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ বাবে উপযোগী খাদ্য। ভাজিলে ইয়াক আৰু স্বাস্থ্যকৰ কৰি তোলে কাৰণ কোনো অতিৰিক্ত তেল ব্যৱহাৰ কৰা নহয়। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম হয়।
৩/ ডায়েবেটিছ ৰোগীৰ বাবে ভাল
মাখনাত গ্লাইচেমিক সূচকাংক কম, অৰ্থাৎ ই তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ নিদিয়ে। তেল নোহোৱাকৈ ভাজি খালে মাখানা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু ই ডায়েবেটিছ ৰোগীৰ বাবে এটা ভাল।
৪) হাড়বোৰ মজবুত কৰা
মাখনাত ভাল পৰিমাণৰ কেলচিয়াম থাকে, যিটো হাড় আৰু দাঁতৰ বাবে উপকাৰী। বিশেষকৈ বাঢ়ি অহা বয়সৰ লোকসকলে নিশ্চয়কৈ এয়াৰ ফ্ৰাইড মাখানাক খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে যাতে হাড়বোৰ মজবুত হৈ থাকে।
৫) হজম শক্তি উন্নত কৰে
আঁহযুক্ত মাখনাই পাচনতন্ত্ৰ মজবুত কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যা দূৰত থাকিব মাখনা খালে।

