Malaika Arora: অৰ্জুন কাপুৰৰ সৈতে ব্ৰেকআপৰ পিছত পুনৰ প্ৰেমত পৰিবলৈ সাজু ৫১ বছৰীয়া মালাইকা অৰোৰা!

বলীউড উদ্যোগৰ বিখ্যাত অভিনেত্ৰী (Malaika Arora) মালাইকা অৰোৰা প্ৰায়ে নিজৰ ফিটনেছ আৰু ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনামত থাকে। এফালে অভিনেত্ৰীগৰাকী ফিটনেছ অনুৰাগীয়ে বহুত ভাল পায়। আনহাতে, মালাইকাৰ জীৱনত যথেষ্ট অশান্তিৰ সৃষ্টি হৈছে। প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে ব্ৰেকআপৰ পূৰ্বে আৰবাজ খানৰ সৈতেও বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীৰ, তেওঁলোকৰ এটি পুত্ৰও আছে। কিন্তু বিবাহৰ কেইবাবছৰৰ পিছত দুয়োৰে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় আৰু দুয়োজনৰ সম্পৰ্ক বিচ্ছেদ হয়। ইয়াৰ পিছত মালাইকা আৰু অৰ্জুন কাপুৰৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু তাৰ পিছত কেইবছৰমানৰ পিছত দুয়োৰে মাজত বিচ্ছেদ হ’ল। কিন্তু মলাইকা এতিয়া আকৌ প্ৰেম কৰিবলৈ সাজু হৈছে নেকি? এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজেই।

আচলতে শেহতীয়াকৈ মালাইকা অৰোৰাই পিংকভিলাৰ সৈতে কথা পাতিছিল। অভিনেত্ৰীগৰাকীক পুনৰ ভাল পাব বিচাৰে নেকি বুলি প্ৰশ্ন সোধা হৈছিল, যাৰ উত্তৰ দিছিল অভিনেত্ৰীগৰাকীয়ে। মালাইকাই ক’লে, ‘কেতিয়াও না নক’বা। মই বৰ ৰোমান্টিক মানুহ। মই প্ৰেমত সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ, গতিকে কেতিয়াও না নকওঁ।’

একে সময়তে মালাইকা অৰোৰাক সোধা হৈছিল যে তেওঁ যুৱ চামক কি বাৰ্তা দিব বিচাৰে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে বিয়া পাতিবলৈ সময় উলিয়াওক। প্ৰথমে নিজকে বুজিব, সক্ষম হওক আৰু তাৰ পিছত বিয়া কৰাওক। বিয়া পাতিবলৈ খৰখেদা কৰিব নালাগে। বিয়াৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে ‘মই বিয়া হোৱাৰ সময়ত বহুত সৰু আছিলো আৰু বিবাহ বিচ্ছেদ হোৱাৰ সময়ত মানুহে মোক স্বাৰ্থপৰ বুলি কৈছিল।’

Related Articles