মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভাঃ উন্মোচন উৰি গ’ল ৰাজহংস শীৰ্ষক এখন স্মৃতি গ্ৰন্থ

মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা স্বেচ্ছাসেৱী সামাজিক সংগঠন ভোগজৰাৰ প্ৰতিস্থাপক সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভা অনুষ্ঠিত হয়।মালিগাঁও চাৰিয়ালীস্থিত ভৰালীৰ বাসগৃহত অনুস্থিত হোৱা স্মৃতি চাৰন সভাত উন্মোচন কৰা হয় ‘উৰি গ’ল ৰাজহংস’ শীৰ্ষক এখন স্মৃতি গ্ৰন্থ।

এই স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে দুলাল ভৰালীৰ পত্নী নিৰুপমা ভৰালীয়ে।এই স্মৃতি চাৰন সভাত সভাপতিত্ব কৰে প্ৰাক্তন পেঞ্চন সঞ্চালক নিমাই দাসে।অনুস্থানৰ আত ধৰে ভোগজৰাৰ প্ৰতিস্থিত সম্পাদক প্ৰিয় নাথ দত্তই।উল্লেখযোগ্য যে, এই স্মৃতি গ্ৰন্থ খনত দুলাল ভৰালীৰ কৰ্মজীৱন,ভাল দিনত পৰিয়ালৰ লগত কটোৱা মধুৰ সময় আৰু দুলাল ভৰালীৰ সম্পৰ্কে ভিন্ন জনে লিখা কিছু অনুভব প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে,গুৰুকুল সংগীত বিদ্যালয় আৰু নন্দন কমাৰচিয়েল কলেজৰ অধ্যক্ষ আছিল ভৰালী । সংগীত সাধনাৰ লগতে বহু অনুস্থান প্ৰতিস্থানৰ লগতো জড়িত আছিল দুলাল ভৰালী।৭গৰাকীকৈ কন্যাক উচ্চশিক্ষিত তথা প্ৰতিস্থিত কৰিছিল দুলাল ভৰালীয়ে।

Related Articles