Breaking

বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অসমৰ মালভোগ কল । জানিলে আচৰিত হব আপুনি

0 80

অসমৰ মালভোগ কল ডুবাইলৈ ৰপ্তানি হৈছে। স্পাইচজেটৰ এখন বিমানযোগে এই প্ৰথমবাৰৰ বাবে ১.২ মেট্ৰিকটন পৰিমাণৰ মালভোগ কল ডুবাইলৈ পৰিবহন কৰা হয়।

বাণিজ্য আৰু উদ্যোগ মনত্ৰ্যালয়ৰ অধীনস্থ শীৰ্ষতম সংস্থা ‘কৃষিজাত আৰু প্ৰসংস্কৃত খাদ্য উৎপাদন ৰপ্তানি প্ৰাধিকৰণ’ৰ (Agricultural and Processed Food Products Export Development Authority) পৃষ্ঠপোষকতাত এই কলবিধ ৰপ্তানি কৰা হ’ব।


২০১৬-১৭ চনত ভাৰতৰ পৰা ৰপ্তানি কৰা মুঠ সতেজ কলৰ প্ৰায় ৩০ শতাংক কল সংযুক্ত আৰব এমিৰাইটছে ক্ৰয় কৰে। ইয়াৰ মুছঠ পৰিমাণ হৈছে ২৪,২৭৭ মেট্ৰিকটন যাৰ মূল১ ১১৮ কোটি টকা।

কলৰপ্তানি কৰা ক্ৰিয়ামেৰি ক্ৰাফ্‌ৰ স্বত্বাধিকাৰী শিবনাথ ভট্টাচাৰ্যই কয় যো মালভোগ কল স্পাইচফ্ৰেছ ব্ৰেণ্ডৰ নামত ৰপ্তানি কৰা হৈছে। স্পাইচজেট মাৰচেণ্ডাইজ প্ৰাঃ লিঃ হৈছে স্পাইচজেটৰ এটা অংশ।

এই কলখিনিগোৱালপাৰাৰ দৰংগিৰিৰ পৰা উঠোৱা হৈছে আৰু এইখন হৈছে সমগ্ৰ উত্তৰ পূব ভাৰতৰেই কলৰ সৰ্ববৃহৎ বজাৰ।অসমত ৪১,৮৮৫ হেক্টৰ কৃষিভূমিত কলখেতি কৰা হয় আৰু ইয়াত ৫,৮১,৮৮৪ মেট্ৰিকটন কল উৎপন্ন হয়।

১৫বিধ কলৰ ভিতৰত বাণিজ্যিকভৱে ৰপ্তানিযোগ্য কলৰ জাত হৈছে জাহাজী, মালভোগ, অঋত সাগৰ, কাচকল আৰু চেনীচম্পা। দলংগিৰিতেই কলৰ বাণিজ্য কেন্দ্ৰীভূত হৈ আছে। যোৰহাটৰ জাহাজী, নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাই সৰ্বোত্তোম মানৰ মালভোগ কল উৎপাদন কৰে বুলি উদ্যানশস্য বিভাগৰ এটা প্ৰতিৱেদনত প্ৰকাশ

Leave A Reply