Breaking

মানস প্ৰতিম দত্তৰ কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ উন্মোচন

0 96

কবি, লেখক, পৰিবেশকৰ্মী, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ নতুন কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ আনুষ্ঠানিকভাৱে উন্মোচন হৈ যায়। নিবিড় অনুৰাগ মানস নামেৰে অসমীয়া কাব্যজগতত সুপৰিচিত কবি দত্তই মাতৃ প্ৰয়াত লক্ষীমাই দত্তৰ পবিত্ৰ সোঁৱৰণত গ্ৰন্থখন পাঠকৰ বাবে আগবঢ়াই দিছে।


বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ আৰু কবিতাৰ প্ৰাসংগিক ধাৰা পাৰিপাৰ্শ্বিক কবিতাৰ আৰু জীৱনবোধৰ কবিতাৰে সংকলনখন সজোৱা হৈছে। কিছু সংখ্যক কবিতাত QR ব্যৱহাৰ কৰা হৈছে। পাঠকে এই QR সমূহ স্কেন কৰি কবিতাসমূহৰ অডিঅ’ শুনিব পাৰিব।

প্ৰযুক্তিৰ এবে সুন্দৰ ব্যৱহাৰে পাঠকক গ্ৰন্থখনৰ প্ৰতি আগ্ৰহী কৰি তুলিব। এনেধৰণৰ প্ৰযুক্তি ব্যৱহৃত এইখনেই সম্ভৱতঃ প্ৰথম গ্ৰন্থ। চুনা কুমাৰ পাঠৰীৰ দ্বাৰা নিৰ্বাচোত মানস প্ৰতিম দত্তৰ কবিতাসমূহে পৰিবেশ সংৰক্ষণক কবিতাৰ জৰিয়তে পাঠকৰ কাষ চপাই নিবলৈ যত্ন কৰিছে।


শনিবাৰে প্ৰয়াত মাতৃৰ মৃত্যুৰ পঞ্চম বাৰ্ষিকীৰ দিনা কবিৰ মাছখোৱাস্থিত বাসগৃহত গ্ৰন্থখন উন্মোচন কৰে কবি বৈদ্য ব্ৰাইট বুঢ়াগোহাঁয়ে। গ্ৰন্থখন উন্মোচন কৰি বুঢ়াগোহাঁয়ে কয় যে, অসমীয়া পাৰিপাৰ্শ্বিক আৰু জীৱনবোধৰ কবিতাৰে সমৃদ্ধ কাব্যগ্ৰন্থ অসমীয়া পাঠকসমাজৰ বাবে খুব মনোগ্ৰাহীকৈ সজাই তোলা হৈছে।’


উন্মোচনী অনুষ্ঠানত ড° ৰণদ্বীপ বড়া, দিগন্ত কুমাৰ কাকতি, জোনমণি হাজৰিকা, জাহ্নৱী শইকীয়া, যুগল সন্দিকৈ, সত্যব্ৰত গগৈ, সান্ত্বনা বৰুৱা, হেমচন্দ্ৰ কছাৰী, ধ্ৰুৱ জ্যোতি চেতিয়া, ধৰ্মেশ্বৰ নাথ, লাকী বুঢ়াগোহাঁই, জাহ্নৱী শইকীয়া, শুভৰঞ্জন দুৱৰা, পংকজ পেগু, পুলকজ্যোতি বৰা, প্ৰতাপ দত্ত, সঞ্জীৱ দত্ত, হৰিনাৰায়ণ সন্দিকৈ, হেমন্ত দত্ত, মিণ্টু শইকীয়া, লিপিকা দত্ত, যোগানন্দ্ৰ কোচ, অনুৰূপা সন্দিকৈ, জোনাকী দত্ত, প্ৰীতিৰেখা দত্ত, হৰিনাৰায়ণ দত্ত, হৰকান্ত বড়াকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply