Breaking

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠন…

0 48

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠন
মহিলা সৱলীকৰণৰ লগতে সমাজৰ ব্যধি সমুহ দূৰীকৰণৰ বাবে মহিলা সকলক সজাগ কৰাৰ কাম কৰিছে মানাস চছাইটিয়েঃ

কোকৰাঝাৰ সদৰ চহৰৰ বাসিন্দা মিনাৰা বেগমে নাৰী সৱলীকৰণৰ বাবে নিজকে উৎসৰ্গিত কৰি ইতিমধ্যে অসংখ্য মহিলাক আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে ৷তেওঁ প্ৰতিষ্ঠা কৰা মানাস চছাইটিৰ লগত কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ মহিলা সকল যুক্ত হৈ নিজৰ তথা সমাজৰ বাবে কাম কৰিবলৈ আগৱঢ়ি আহিছে ৷

আজি মানাস চছাইটিৰ অধীনত গঠিত গোসাইগাঁও মহকুমাৰ বাশবাৰী শাখাৰ বিষয়বীয়া সকলৰ সৈতে মানাস চছাইটিৰ প্ৰতিষ্ঠাপক মিনাৰা বেগমে আলোচনাত মিলিত হৈ তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত অৱগত কৰে ৷তেওঁ উপস্থিত মহিলা সকলৰ উদ্দেশ্যি কয় সমাজত বাল্যবিবাহ ,শিশু শ্ৰমিক , ,বহু বিবাহ , অন্ধ বিশ্বাস – কু-সংস্কাৰ আদি দূৰীকৰণৰ ক্ষেত্ৰত মহিলা সকলে আগবাঢ়ি যাব লাগিব ৷

চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ সুবিধা লবলৈ হ’লে মহিলা সকলক সজাগ সচেতন হোৱাটো অতি দৰকাৰ ৷মহিলা সকলক আনৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্ম নিৰ্ভৰশীল হবলৈ আহ্বান জনায় ৷মানস চছাইটিৰ বাশবাৰী শাখাৰ সভানেত্ৰী ছকিনা খাতুন ,সাধাৰণ সম্পাদিকা ৰেহেনা বেগম ,ধনভৰালী ৰুপিকা পাৰভীনৰ লগতে মানস চছাইটিৰ ভালেসংখ্যক মহিলা উপস্থিত আছিল ৷

Leave A Reply