খাৰুপেটীয়াত নতুনকৈ নিৰ্মান হল মঙলদৈ চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়।mangaldai

১৩ মে’ ২০২৫ঃmangaldai । অসম চৰকাৰে ৰাজ্যত স্থাপন কৰিলে বহু কেইখন চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়। দৰং জিলাৰ খাৰুপেটীয়াত নতুনকৈ স্থাপন হোৱা মঙলদৈ মহিলা আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মান কাম ইতিমধ্যে সমাপ্ত হৈছে। আগন্তুক ২০২৫-২৬ শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি মুকলি কৰিব বিভাগে। অহা ১আগষ্ট ৰ পৰা পাঠদান আৰম্ভ হব বুলি ঘোষণা কৰে বিধায়ক বসন্ত দাসে। মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু ধূলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমানে আজি মহিলা ডিগ্ৰী কলেজ খন পৰিভ্ৰমণ কৰি নিৰ্মান কামৰ বুজ লয়।

আনহাতে মহাবিদ্যালয় খনত ৫টা বিষয়ত শিক্ষাগ্ৰহনৰ সুযোগ আছে আৰু আসনৰ সংখ্যাও যথেষ্ট কম, যেনে ইংৰাজী বিভাগৰ ৭০ টা আসন, অসমীয়াত ৭০ টা,ভূগোলত ৫০টা , মনোবিজ্ঞানত ৫০ টা আৰু মাচ কমিউনিকেশ্বনত ৫০ টা আসন আছে। বিশেষকৈ খাৰুপেটীয়া, ধূলা, মঙলদৈ, বেচিমাৰী, দলগাঁও, কৌপাটী, চৰ-চাপৰি আদি অঞ্চলৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীসকলৰ বাবে এইটো এক ঐতিহাসিক সুযোগ ।মহাবিদ্যালয় খনত ১০০ছাত্ৰীৰ বাবে হোষ্টেলৰ সুবিধা উপলব্ধ হ’ব। ইচ্ছুক ছাত্ৰীসকলক অনলাইন সমৰ্থ পোৰ্টেলৰ জৰিয়তে আবেদন জনাবলৈ আহ্বান জনাইছে বিধায়ক বসন্ত দাসৰ লগতে অধ্যক্ষ গৰাকীয়ে।

Related Articles