মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: বিষ খাই আত্মহত্যা মহিলাৰ ।mangaldoi

মঙলদৈ, ২৭ মে’: mangaldoi । পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ পৰিণতিৰ সাক্ষী হয় অঞ্চলখন। মঙ্গলবাৰে এগৰাকী মহিলাই বিষ পান কৰি আত্মহত্যা কৰে বুলি স্থানীয় সূত্ৰে জনা গৈছে। মৃত মহিলাগৰাকীৰ নাম চবি ৰাণী ডেকা (২৫), যি কলাইগাঁৱৰ অধিবাসী হলেও বিয়াৰ পাছত স্বামী চিন্ময় কটকীৰ সৈতে বৰ আঠিয়াবাৰী গাঁৱত বাস কৰিছিল।

চবি ৰাণী আৰু চিন্ময় কটকীৰ বিবাহ প্ৰায় চাৰিবছৰ পূৰ্বে হৈছিল আৰু তেওঁলোকৰ এটি তিনিবছৰীয়া কন্যা সন্তানো আছে। এই সুস্থিৰ সংসাৰলৈ বৰ আঠিয়াবাৰী গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এগৰাকী যুৱকৰ উপস্থিতিয়ে কঢ়িয়াই আনে এক অশান্তি।

স্বামী চিন্ময় কটকীৰ অভিযোগ অনুসৰি, চবি ৰাণীৰ সীমান্তৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। সীমান্তই চিন্ময়ক বিষ খুৱাবলৈ চবি ৰাণীক বিষ যোগান ধৰে বুলি অভিযোগ উঠে। যদিও এই ষড়যন্ত্ৰ সফল নহয়, চবি ৰাণীয়ে নিজেই সেই বিষ খাই আত্মহত্যাৰ পথ বাচি লয়। বিষ পান কৰাৰ সময়ত তেওঁৰ কণমানি সন্তানও ওচৰত আছিল।

চবি ৰাণীক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰপিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) লৈ যাওঁতেই মহিলাগৰাকীৰ মৃত্যু হয়।

মৃত্যুৰ পূৰ্বে চবি ৰাণীয়ে এটা ভিডিঅ’ত স্বীকাৰ কৰে যে বিষ খিনি তেওঁৰ প্ৰেমিক সীমান্তই দিছিল আৰু সেই বিষ চিন্ময়ক খুৱাবলৈ প্ৰেৰিত কৰিছিল। লগতে চবি ৰাণীয়ে অভিযোগ কৰে যে সীমান্তই চিন্ময়ক কিছুমান অন্তৰংগ মুহূর্তৰ ফটো প্ৰদান কৰিছিল।

এই হৃদয়বিদাৰক ঘটনাই বৰ আঠিয়াবাৰী অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Articles