Breaking

মঙলদৈ নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ আনুষ্ঠানিকভাৱে…

0 92

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মঙলদৈ নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ (৬৫ নং কলাইগাওঁ, ৬৬ নং ছিপাঝাৰ, ৬৭ মঙলদৈ আৰু ৬৮ নং দলগাঁও) ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা বুধবাৰে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে নিৰ্বাচনী জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৮,৭১,৪৩১ গৰাকী। ইয়াৰে ৪,৪২,০০১ জন পুৰুষ, ৪,২৯,৪১০ গৰাকী মহিলা আৰু ২০ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ। নতুন ভোটাৰ তালিকা অনুসৰি কলাইগাওঁ সমষ্টিত মুঠ ১,৮৬,৬১৫ সংখ্যক ভোটাৰৰ ৯৪,১৯৪ জন পুৰুষ আৰু ৯২,৪১৯ গৰাকী মহিলা ভোটাৰ। একেদৰে ছিপাঝাৰ সমষ্টিত মুঠ ১,৮২,৫২২ সংখ্যক ভোটাৰৰ ৯৩,২৭৫জন পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৯,২৪০ গৰাকী।

মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৬,৭২০। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৪,৬০১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২২,১১৬ গৰাকী। তদুপৰি দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫৫,৫৭৪, ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৯,৯৩১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২৫,৬৩৫ গৰাকী। 

এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৭৬০৯ গৰাকী নতুন ভোটাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Leave A Reply