ৰামমন্দিৰৰ(Mangaldoi News)প্ৰতিষ্ঠা দিৱসৰ দিনাই মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে।
প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই কালিমাৰ মূৰ্তিৰ মুণ্ড ছিঙি পেলাই।
মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি টাকৈ মন্দিৰত এই ঘটনা।
স্থানীয় লোকৰ সন্দেহ এইয়া এক পৰিকল্পিত ঘটনা।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
এই ঘটনা সংঘটিত হৈছে মঙলদৈত।
মঙলদৈৰ দাঁতিকাষৰীয়া মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি টাকৈ মন্দিৰত কোনো দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰত থকা মূৰ্তি সমূহ ভাঙি পেলাই।
বিশেষকৈ কালি মন্দিৰত সংঘটিত হয় উক্ত ঘটনা।
প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই কালিমাৰ মূৰ্তি সমূহৰ মুণ্ড ছিঙি পেলাই।
স্থানীয় লোকৰ সন্দেহ এইয়া এক পৰিকল্পিত আৰু এটা বৃহৎ দলৰ কাম।
কাৰণ একে নিশাই ইমান কেইটা মন্দিৰত একেলগে মূৰ্তি ভঙা কাৰ্য এজন বা দুজনে কৰাটো সহজ নহয়।
কোনো দুষ্ট চক্ৰই সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যেৰে এনে কাম কৰিবও পাৰে বুলি সন্দেহ স্থানীয় লোকৰ সন্দেহ।

