মঙলদৈত অসমী ব’হাগী মেলাঃ ৩০কৈও অধিক আত্মসহায়ক গোটেৰ গামোচা, মেখেলা চাদৰ আৰু অন্যান্য সা সামগ্ৰীৰে উভয় নদী ব’হাগী মেলা

পদুলি মুখত ৰৈ আছেহি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু।ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাব চৌপাশ। সমান্তৰালভাৱে ৰঙালী বিহুত প্ৰিয় জনে দিব বিহুৱান, আপোনজনক এখন বিহুৱান দিবলৈ সকলোৱে মনত আশা পুহি ৰাখিছে। আপোনাৰ আপোনজনক তাঁতশালৰ হাতে বোৱা গামোচা যদি দিব বিচাৰে তেনেহলে মঙলদৈ লৈ আহক।

ৰঙালী বিহু উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত দৰং জিলাৰ মঙলদৈ চহৰত জয়ন্ত হাজৰিকা উদ্যানত অসমী বহাগী মেলা অনুস্থিত হৈছে। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা ২০২৬ উপলক্ষে মহিলা আত্মসহায়ক গোটৰ এই মেলা অনুস্থিত হৈছে। ৩০ টাত কৈও অধিক আত্মসহায়ক গোটে গামোচা, মেখেলা চাদৰ আৰু অন্যান্য সা সামগ্ৰী বিক্ৰী কৰিছে।

এই মেলাৰ জৰিয়তে জিলাখনৰ আত্মসহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু পৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ।এই বহাগী মেলাৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত আয়ুষি জৈনে। উপস্থিত থাকে দৰং জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়া। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান জিলা পকল্প পবন্ধক দিপক সূত্ৰধৰ ।
জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়াই এই সম্পৰ্কে কয় যে অসম গ্ৰামীণ জীবিকা অভিযানৰ জৰিয়তে আন বাৰৰ দৰে এই বাৰো বহাগী মেলা পতা হৈছে। এই মেলা খন তিনিদিন ধৰি থাকিব ,১৩ এপ্ৰিললৈ থাকিব। জিলা খনৰ পাচ টা ব্লেকৰ পৰা ৩০ টা ষ্টল আহিছে। সকলোৱে আদৰণি লৈছে, এতিয়া বিহুৰ বতৰ হাতে বোৱা ধুনীয়া ধুনীয়া গামোচা ওলাইছে, মেখেলা চাদৰ ওলাইছে, ৰাইজে আদৰি লৈছে। মহিলা সকলে ১০ হাজাৰ টকাকৈ যি মহিলা উদ্যমিতা আচনিৰ জৰিয়তে লাভ কৰিছিল, তেখেত সকলে সেয়া সৎ ব্যৱহাৰ কৰিছে। মহিলাসকল বহু আগবাঢ়ি আহিছে, ব্যৱসায় কৰিব শিকিছে, এই সকল মহিলাই ব্যৱসায় দখল কৰিব পাৰিছে বুলি গম পোৱা যায়।

হাতে বোৱা গামোচা, চাদৰ মেখেলা ক্ৰয় কৰিবলৈ গ্ৰাহকৰ আহ্বান জনোৱাৰ লগতে গ্ৰাহকে হাতে বোৱা কাপোৰ ক্ৰয় কৰিলে বাহিৰৰ পৰা অহা বহিৰাগত গামোচা বন্ধ হৈ পৰিব বুলি কৰবী কৰণ শইকীয়াই আশা প্ৰকাশ কৰে।ৰঙালী বিহু উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত দৰং জিলাৰ মঙলদৈ চহৰত জয়ন্ত হাজৰিকা উদ্যানত অসমী বহাগী মেলাখন ১৩ এপ্ৰিল লৈ চলিব ।

Related Articles