মঙলদৈত ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন দিলীপ শইকীয়াৰ

বৃহস্পতিবাৰে মঙলদৈত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকি মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ইনড’ৰ ষ্টেডিয়ামৰ ভূমিপুজন কৰিলে দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই ৷
১২ কোটি টকাৰে নিৰ্মাণ হ’ব মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়াম।

ষ্টেডিয়ামৰ আধাৰশিলা অনুস্থানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় নিৰ্বাচনৰ টিকট দিয়াৰ ক্ষেত্ৰত ক’ৰবাত নহয় ক’ৰবাত বুজা বুজি, এৰাধৰা কৰিবই লাগিব, প্ৰাৰ্থী অহা ২৫ তাৰিখৰ পিছত ফ্ৰেব্ৰুৱাৰীৰ পিছত ঘোষণা কৰিব, এইবাৰ বিধানসভা নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীয়ে টিকট পাব, টিকটৰ ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সংসদীয় বোৰ্ডে, জিলা মণ্ডল স্তৰৰ পৰা আৰম্ভ কৰি জিলা ৰাজ্যিক স্তৰলৈ বা জিলাৰ সকলো মৰ্চাৰ লগত মতামত মৰ্মে টিকট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বিজেপিৰ আভ্যন্তৰীণ পদ্ধতিৰ জৰিয়তে টিকট দিয়া হ’ব,আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু NDA সাজু, দলগাঁৱত সৰ্বাধিক ভোটাৰ মাজত কাক টিকট দিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপিৰ সভাপতি দিলীপ শ‌ইকীয়াই।

এটা বিশেষ স্থানত ভোটাৰ বেছি থকাটো স্বাভাৱিক বুলি মন্তব্য কৰে দিলীপ শ‌ইকীয়াই।

Related Articles