উৰিষ্যাত ৰাষ্ট্ৰীয় নৃত্য আৰু নাট মহোৎসৱত মণিকাঞ্চন কলা কেন্দ্ৰৰ সত্ৰীয়া নৃত্যত খিতাপ অৰ্জন।কেইবাটাও বঁটাৰে উজ্বলি উঠিল মণিকাঞ্চন কলা কেন্দ্ৰৰ শিল্পীবৃন্দ৷ উৰিষ্যাৰ কটকত যোৱা ২৭ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৯ দিনীয়া কাৰ্যাসূচীৰে আয়োজিত ৰাষ্ট্ৰীয় নৃত্য আৰু নাট মহোৎসৱত নগাঁৱৰ মণিকাঞ্চন কলা কেন্দ্ৰৰ ২০ জনীয়া এটি সত্ৰীয়া নৃত্যৰ দলে অংশগ্ৰহণ কৰি সমগ্ৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মহোৎসৱত মণিকাঞ্চন কলা কেন্দ্ৰই দলীয় সত্ৰীয়া নৃত্যত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ চাৱ জুনিয়ৰ শিতানত দ্বিতীয় স্থান লাভ কৰে তাপসী শৰ্মা আৰু তৃতীয় স্থান লাভ কৰে প্ৰিয়াশ্ৰী শইকীয়াই ৷ জুনিয়ৰ শিতানত দ্বিতীয় স্থান লাভ কৰে মৃগাংক্ষী কেওঁটে ৷ চিনিয়ৰ শাখাত দ্বিতীয় স্থান লাভ কৰে কস্তুৰী ডেকা আৰু তৃতীয় স্থান লাভ কৰে মাহমুদা বেগমে ৷

আনহাতে,তিনি জনীয়া দলীয়া শিতানত দ্বিতীয় স্থান লাভ কৰে ক্ৰমে প্ৰিয়ব্ৰত যোগী,মৃগাংক্ষী কেওঁট,প্ৰিয়াশ্ৰী শইকীয়াই ৷ সেইদৰে মণিকাঞ্চন কলা কেন্দ্ৰই অংশগ্ৰহণকাৰী শৃংখলাবদ্ধ দল হিছাপে তৃতীয় স্থান লাভ কৰে ৷ অন্যহাতে দলীয় শিতানত অংশগ্ৰহণ কৰে অংকিত বৰদলৈ,গৌৰৱ জ্যোতি বৰুৱা,কস্তুৰী ডেকা,মাহমুদা বেগম,প্ৰিয়ব্ৰত যোগী, অনুষ্ঠানত কণ্ঠ শিল্পী হিছাপে অংশগ্ৰহণ কৰে গাৰ্গী শৰ্মা আৰু বাঁহী বাদক হিছাপে অংশগ্ৰহণ কৰে ৰাজু শইকীয়াই ৷ মণিকাঞ্চন কলা কেন্দ্ৰ দলটিৰ পৰিচালক তথা তত্বাৱধায়ক কেহুৰাম বৰাক আয়োজক সমিতিৰ তৰফৰ পৰা মানপত্ৰ আৰু স্মাৰকৰে শিল্পী সম্বদ্ধৰ্না জনোৱা হয় ৷

