উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম

দৈনন্দিন বাৰ্তাৰ সেৱা, ৭ নৱেম্বৰঃ হকী ইণ্ডিয়াৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম। ইয়াৰ লগে লগে হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিংগমবাম উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। সভাপতি মহম্মদ মুস্তাক আহমেদে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশত পদত্যাগ কৰাৰে পিছৰে পৰা জ্ঞানেন্দ্ৰো নিংগমবামে হকী ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছিল।

আনহাতে জ্ঞানেন্দ্ৰো নিংগমবামে ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মণিপুৰ হকীৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। কোৰোনা মহামাৰীৰ বাবে চলিত বৰ্ষত হকী ইণ্ডিয়াৰ নিৰ্বাচন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰিছিল। জ্ঞানেন্দ্ৰা নিংগমবাম হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে নিংগমবামৰ নেতৃত্বত দেশত হকী খেলৰ বিকাশ হ’ব বুলি গৃহ ৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণে আশা প্ৰকাশ কৰিছে।

Related Articles