Breaking

কাইলৈ ​​পত্নীক লগ কৰিব মনীষ ছিছ’দিয়াই, আদালতে দিলে অনুমতি…

0 63

দিল্লী আবকাৰী নীতিৰ গোচৰঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২৬ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰত বন্দী হৈ আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। আদালতে ছিছ’দিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে।

আম আদমি পাৰ্টিৰ নেতা ছিছ’দিয়াৰ পত্নীৰ অসুস্থতাৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে। ২৬ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক। তাৰ পিছত জেলত জেৰা কৰাৰ পিছত ইডিয়ে ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰে। এই গোচৰত জেলত আছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং।

ইডিয়ে চিছ’দিয়াই দিল্লী লিকুৰ পলিচিৰ পৰা ধন লৈ ব্যৱসায়ীসকলৰ লাভৰ বাবে অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ নাকচ কৰাৰ সময়ত আপে কৈ আহিছে যে এই সকলোবোৰ ৰাজনৈতিক প্ৰতিশোধৰ মনোভাৱেৰে কৰা হৈছে।


Leave A Reply