Breaking

অসুস্থ পত্নীক লগ কৰিবলৈ তিহাৰ জেলৰ পৰা ঘৰত উপস্থিত মনীষ চিছ’দিয়াই…

0 274

দিল্লীৰ ৰাউজ এভিনিউ আদালতে মনীষ চিছ’দিয়াক নিজৰ অসুস্থ পত্নীক ঘৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অৰ্থাৎ ৬ ঘণ্টাৰ বাবে সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰিছে। তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছ’দিয়া। কটকটীয়া নিৰাপত্তাৰ মাজতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক ঘৰলৈ লৈ গৈছে।


এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ বা কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰিবলৈও আদালতে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে ছিছ’দিয়াই পাঁচ দিনৰ বাবে পত্নীক লগ কৰাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল। যিটো আদালতে নাকচ কৰিছিল।

সুৰা কেলেংকাৰিৰ অভিযোগত যোৱা ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিছ’দিয়াক। পিছত বলবৎ সঞ্চালকালয়ে চিছ’দিয়াক তিহাৰ কাৰাগাৰত সোধা-পোছা কৰি যোৱা ৯ মাৰ্চত চিবিআইৰ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইডি আৰু চিবিআই দুয়োটা গোচৰতে মনীষ ছিছ’দিয়া আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।


Leave A Reply