মানকাচৰৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়াক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বেই বদলি দাবী

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীত থকা ভূমি সংৰক্ষণ বিভাগৰ বিষয়া মুকুল চন্দ্ৰ ৰায়ক বদলি দাবী জনায় বিভিন্ন দল সংগঠনে। জানিব পৰা মতে আজি প্ৰায় ১০ দহ বছৰ ধৰি উক্ত ভূমি সংৰক্ষণ বিভাগৰ একাউণ্ট ছেণ্টাৰত বিষয়া জনে চাকুৰী কৰি আছে। ইয়াৰ উপৰিও বিষয়া জনৰ বিৰুদ্ধে প্ৰায় ৫০ লাখ টকাৰ দুৰ্নীতিৰ বাতৰি প্ৰকাশ হৈছিল বিভিন্ন সময়ত। কিন্তু বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া কোনো ধৰণৰ দুৰ্ণীতিৰ বিৰুদ্ধে তদন্ত নকৰি আজি দহ বছৰৰ অধিককাল ধৰি চাকুৰী কৰি আছে। ইয়াৰ উপৰিও বিষয়া জনে মাহত মাথো ২ ৰ পৰা তিনিদিন নিজৰ কৰ্তব্য পালন কৰি বাকী সময় নিজা ঘৰ গোৱালপাৰা জিলাৰ কৃঞাইত থাকি চৰকাৰী দৰমহা ভোগ কৰি আছে। উক্ত একাউণ্ট ছেণ্টাৰত মাথো এজন চকীদাৰৰ বাহিৰে কোনো কৰ্ম চাৰীৰ উপস্থিত আমি দেখা নাই। গতিকে অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক প্ৰধান মহোদয়ক অনতি পলমে উক্ত দুৰ্ণীতি পৰায়ন বিষয়া জনক বদলিৰ দাবী জনায় ।

Related Articles