Breaking

মানকাচৰত আৰক্ষী, চিআৰপিএফৰ যৌথ অভিযানত ফাৰ্মাচীৰ পৰা উদ্ধাৰ বৃহৎপৰিমানৰ ড্ৰাগছ

0 20

মানকাচৰত আৰক্ষী, চিআৰপিএফৰ যৌথ অভিযানত ফাৰ্মাচীৰ পৰা উদ্ধাৰ বৃহৎপৰিমানৰ ড্ৰাগছ। আটক দুই ড্ৰাগছ ব্যৱসায়ীক।মানকাচৰৰ পুৱেৰ গাঁওত এখন ফাৰ্মাচীত আজি বিয়লি প্ৰায় ৫ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ আধাৰত ৪৮ ই কোম্পানী বেটেলিয়ানৰ চিআৰপিএফ বাহিনীয়ে এক গোপন সূত্ৰৰ আধাৰত মানকাচৰ আৰক্ষীৰ সহযোগত গাঁওখনত থকা হাস্পাতালৰ কাষৰ এখন ফাৰ্মাচীত অভিযান চলায়। ফাৰ্মাচী খনৰ পিছফালে থকা ঔষধৰ গুদাম ঘৰত মাটিৰ তলত নিচা জাতীয় টেবলেট, ভাং জমা কৰি ৰাখিছিল। আৰক্ষী চিআৰপিএফে মাটিৰ তলৰ পৰা প্ৰায় ৭০০ গ্ৰাম ভাং, ৯৬০ টা নিচা জাতীয় টেবলেট জব্দ কৰিছে।

দুই ফাৰ্মাচীৰ গৰাকী ক্ৰমে মকচেদুল মিয়া আৰু ৰাহুল ইছলামক মানকাচৰ আৰক্ষীয়ে ফাৰ্মাচীৰ পৰা আটক কৰি সোধা পোছা চলাই আছে।ড্ৰাগছৰ বিৰূদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ সময়ত মানকাচৰত এইদৰে ড্ৰাগছ ব্যৱসায়ীয়ে ফাৰ্মাচীৰ সুযোগ লৈ ব্যৱসায় আৰম্ভ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply