পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ। দিল্লীৰ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে শেষকৃত্য সম্পন্ন হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছ দলৰ অন্যান্য জ্যেষ্ঠ নেতা আৰু চৰকাৰী মন্ত্ৰীসকল উপস্থিত থাকে শেষকৃত্য অনুষ্ঠানত।(Manmohan Singh funeral)
অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনায়। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়াসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰণাম জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষ ৰীতি-নীতি শিখ ৰীতি-নীতি অনুসৰি দিল্লীৰ নিগমবোধ ঘাটত কৰা হয়। এই সময়ত তেওঁৰ পত্নী আৰু কন্যাসকল উপস্থিত আছিল। নিগমবোধ ঘাটত উপস্থিত থাকে মনমোহনৰ পত্নী গুৰশৰণ কৌৰ, জ্যেষ্ঠ কন্যা উপিন্দৰ সিং (৬৫), দ্বিতীয় কন্যা দমন সিং (৬১) আৰু তৃতীয় কন্যা অমৃত সিং (৫৮)। প্ৰধানমন্ত্ৰী মোদীকো সাক্ষাৎ কৰে কন্যাই।
কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰাই আৰম্ভ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ শেষ যাত্ৰা। শনিবাৰে পুৱা ৰাষ্ট্ৰীয় সন্মানেৰে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়াসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ কংগ্ৰেছ মুখ্য কাৰ্যালয়লৈ আনিছিল।

