বৃহস্পতিবাৰে নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যু হয়। শনিবাৰে নিগমবোধ ঘাটত অনুষ্ঠিত হ’ব মনমোহন সিঙৰ অন্তিম অনুষ্ঠান। (Manmohan Singh)
নতুন দিল্লীস্থিত AICCৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দিল্লী এইমছত মৃত্যু হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। শনিবাৰে পুৱা ১১.৪৫ বজাত নিগম বোধ ঘাটত পূৰ্ণ ৰাজ্যিক সন্মানেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৭ দিন ৰাষ্ট্ৰীয় শোক। শনিবাৰে নিগমবোধ ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্তিম অনুষ্ঠান সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে পালন কৰা হ’ব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সিঙৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব পৰা ঠাইত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰিবলৈ আহ্বান জনায়, তাৰ বাবে কেন্দ্ৰই সন্মতি প্ৰকাশ কৰিছে।(Manmohan Singh Funeral)
#WATCH | Delhi | CPP Chairperson Sonia Gandhi pays her last respects to former Prime Minister #DrManmohanSingh kept at AICC headquarters pic.twitter.com/38NrurrCGa
— ANI (@ANI) December 28, 2024
কংগ্ৰেছৰ কাৰ্যালয়ত মনমোহন সিঙৰ নশ্বৰদেহত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি সকলো নেতা-কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে।

