প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Mann Ki Baat) মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’-এ ৩৪ কোটি ১৩ লাখ উপাৰ্জন কৰিছে৷ শুকুৰবাৰে ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত মোদী চৰকাৰে এই তথ্য দিছে৷ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে কয় যে এই কাৰ্যসূচী বিভিন্ন মাধ্যমত সম্প্ৰচাৰ কৰা হয়৷ অল ইণ্ডিয়া ৰেডিঅ’ৰ দ্বাৰা প্ৰস্তুত কৰা এই অনুষ্ঠানৰ সম্প্ৰচাৰৰ বাবে কোনো অতিৰিক্ত ধন ব্যয় হোৱা নাছিল বুলিও তেওঁ কয়৷ বৰঞ্চ ইয়াৰ পৰা ৩৪.১৩ কোটি টকা উপাৰ্জন কৰিছিল৷ মন কৰিবলগীয়া যে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰ কৰা হৈছিল৷
মুৰুগানে কয় যে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতি মাহৰ শেষৰ দেওবাৰে অল ৰেডিঅ’ ইণ্ডিয়াই সম্প্ৰচাৰিত ‘মন কি বাত’ শুনে৷ ইয়াৰ উপৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু বিভিন্ন আঞ্চলিক চেনেলতো সম্প্ৰচাৰ কৰা হয়৷ লগতে তেওঁ কয় যে ডি ডি ফ্ৰী ডিছৰ অফাৰ অনুসৰি ইয়াক ৪৮টা আকাশবাণী ৰেডিঅ’ চেনেল আৰু ৯২টা টিভি চেনেলত সম্প্ৰচাৰ কৰা হয়৷ ফলত গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলৰ বহু লোকে ‘মন কি বাত’ শুনিব পাৰে৷ ইয়াৰ উপৰি পিএমঅ’ ইণ্ডিয়াৰ ইউটিউব চেনেল আৰু প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্ম ৱেভছত শুনা যায়৷ ইয়াৰ উপৰি ‘NewsOnAir’ নামৰ মোবাইল এপটোত শুনা যায়৷ প্ৰসংগক্ৰমে যোৱা মাহৰ শেষৰ দেওবাৰটো আছিল ‘মন কি বাত’ অনুষ্ঠানৰ আটাইতকৈ শেহতীয়া খণ্ড৷

