ফ্ৰ’জেন খাদ্যৰ পাৰ্শ্বক্ৰিয়াঃ বৰ্তমানৰ জীৱনশৈলীত ফ্ৰ’জেন খাদ্য প্ৰস্তুত আৰু ক্ৰয়ৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এইবোৰ সহজে ৰান্ধি খাব পাৰি। যেতিয়া মানুহৰ ৰন্ধা-বঢ়াৰ বাবে সময় নাথাকে তেতিয়া ঘৰতে এনে বস্তু জমা কৰি ফ্ৰীজত ৰাখে, কিন্তু বেছিভাগ স্বাস্থ্য বিশেষজ্ঞৰ মতে এনে বস্তু একেবাৰেই খাব নালাগে কাৰণ ই স্বাস্থ্যৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি। অত্যধিক ফ্ৰ’জেন খাদ্য খোৱা লোকৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে জানো আহক-
ফ্ৰ’জেন খাদ্য খোৱাৰ অসুবিধা-
১. সাধাৰণতে ফ্ৰ’জেন খাদ্যৰ পেকেজিঙত প্লাষ্টিক বা অন্যান্য ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যিবোৰ খাদ্যৰ সতেজতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থৰ পৰা নিৰ্গত হোৱা গেছ আৰু অন্যান্য ৰাসায়নিক পদাৰ্থই আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত কেন্সাৰৰ দৰে বিপজ্জনক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
২) আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে ফ্ৰ’জেন খাদ্যৰ সোৱাদ সতেজ খাদ্যৰ তুলনাত অলপ বেয়া। ইয়াৰ কাৰণ হ’ল ইয়াৰ সতেজতা বজাই ৰাখিবলৈ বহুতো সংৰক্ষক ব্যৱহাৰ কৰা হয় যিয়ে খাদ্যৰ সোৱাদ বহু পৰিমাণে সলনি কৰিব পাৰে।
৩/ পুষ্টিৰ অভাৱ
ফ্ৰ’জেন খাদ্য প্ৰস্তুত কৰাৰ সময়ত বহুতো পুষ্টিকৰ উপাদান হেৰাই যায়। এই খাদ্যক স্বাস্থ্যসন্মত খাদ্য বুলি গণ্য কৰি খাই যদিও, সেই খাদ্যই আপোনাৰ ভোকহে দূৰ কৰে, কিন্তু শৰীৰে ইয়াৰ পৰা পুষ্টিকৰ উপাদান নাপায়। ইয়াৰ বাবে শৰীৰত পুষ্টিৰ অভাৱ হ’ব পাৰে।
৪/ সাধাৰণতে ফ্ৰ’জেন খাদ্যত প্ৰচুৰ পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয় আৰু ইয়াত ট্ৰেন্স ফেটৰ পৰিমাণো বেছি হ’ব পাৰে, ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হাৰ্ট এটেকৰ আশংকা থাকে। এনে খাদ্যই মেদবহুলতা আৰু ডায়েবেটিছৰো বৃদ্ধি কৰে।

